உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিশ্বনাথৰ এনকাউণ্টাৰ ঘটনাকলৈ ৰাইজৰ সন্দেহ! সঁচাকৈ আৰক্ষীয়ে মুখ আৰু চকুত ক'লা কাপোৰ বান্ধি অজ্ঞাত স্থানলৈ নিছিল নেকি ড্ৰাগছ ব্যৱসায়ী শিৱাক?

    বিশ্বনাথৰ এনকাউণ্টাৰ ঘটনাকলৈ ৰাইজৰ সন্দেহ! সঁচাকৈ আৰক্ষীয়ে মুখ আৰু চকুত ক'লা কাপোৰ বান্ধি অজ্ঞাত স্থানলৈ নিছিল নেকি ড্ৰাগছ ব্যৱসায়ী শিৱাক?

    আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে বিশ্বনাথ চাৰিআলিৰ বুঢ়িগাঙৰ শিৱা ভূঞা নামৰ ড্ৰাগছ ব্যৱসায়ীটো। শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল শিৱা ভূঞাক।

    আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে বিশ্বনাথ চাৰিআলিৰ বুঢ়িগাঙৰ শিৱা ভূঞা নামৰ ড্ৰাগছ ব্যৱসায়ীটো। শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল শিৱা ভূঞাক।

    আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে বিশ্বনাথ চাৰিআলিৰ বুঢ়িগাঙৰ শিৱা ভূঞা নামৰ ড্ৰাগছ ব্যৱসায়ীটো। শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল শিৱা ভূঞাক।

    • Share this:
    ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে ৷ শেহতীয়াকৈ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত কেইবাগৰাকীও যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আমবাৰীৰ পৰা ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰা পংকজ গুপ্তা নামৰ ড্ৰাগছ ব্যৱসায়ীজনে আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি থানাৰ পৰা পলায়ন কৰাৰ পিছতে শুকুৰবাৰে বিশ্বনাথত পুনৰ সংঘটিত হয় আন এক এনকাউণ্টাৰৰ ঘটনা।

    আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে বিশ্বনাথ চাৰিআলিৰ বুঢ়িগাঙৰ শিৱা ভূঞা নামৰ ড্ৰাগছ ব্যৱসায়ীটো। শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল শিৱা ভূঞাক। বিশ্বনাথ চাৰিআলিৰ পেটুলীবাৰীৰ সমীপত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ  ঘটনা।

    ইতিমধ্যে শিৱাক উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰ মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হৈছে। নিশা ড্ৰাগছৰ ঘাটি বিচাৰি যাওতেই  এই ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷

    আনহাতে শিৱা ভূঞাই আৰক্ষীৰ বিৰুদ্ধে প্ৰকাশ কৰিছে বিস্ফোৰক অভিযোগ। অভিযোগ অনুসৰি, নিশা চকু আৰু মুখত ক'লা কাপোৰ বান্ধি শিৱাক লৈ যোৱা হৈছিল এক অজ্ঞাত স্থানলৈ ৷ চাৰিজন ব্যক্তিয়ে হেঁচা মাৰি ধৰি গুলীয়াইছিল শিৱাৰ ভৰিত ৷ পলাতক পংকজ গুপ্তাৰ সন্ধান বিচাৰি আৰক্ষী গৈছিল শিৱাৰ ঘৰলৈ ৷ সেই সময়ত ঘৰত উপস্থিত নথকা শিৱাই নিজেই আহি উপস্থিত হৈছিল বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ৷ তাৰ পাছতেই নাটকীয়ভাৱে হৈছিল এই এনকাউণ্টাৰৰ ঘটনা ৷

    উল্লেখ্য যে, পংকজ গুপ্তা নামৰ যুৱকজন এতিয়াও পলাতক অৱস্থাত আছে ৷ ড্ৰাগছৰ সৈতে হাতে লোটে গ্ৰেপ্তাৰ কৰা পংকজক ল'কআপৰ পৰিৱৰ্তে ৰখা হৈছিল থানাৰ এটা কোঠাত ৷ সুবিধা পাই পংকজে পলায়ন কৰিলে থানাৰ পৰা ৷ ঘটনা সন্দৰ্ভত প্ৰাণৱজ্যোতি বৰা নামৰ কনিষ্ঠবলজনক নিলম্বন কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছে ৷ ইফালে আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি থানাৰ পৰা ড্ৰাগছ বেপাৰী পলোৱাৰ এই ঘটনা তল পেলাবৰ  বাবেই নাটকীয়ভাৱে এই এনকাউণ্টাৰ ঘটনা সংঘটিত কৰা হৈছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ এতিয়া কোন সঁচা কোন মিছা সেয়া সময়েহে স্পষ্ট হ'ব।
    Published by:Himangshu Bhuyan
    First published: