নিশা ১.৩০ বজাত সংঘটিটত হৈছে এই ঘটনা। আৰক্ষীৰ গুলীত ভৰিত গুৰুতৰ ভাবে আঘাত পাইছে ফকিৰে।
নিশা ১.৩০ বজাত সংঘটিটত হৈছে এই ঘটনা। আৰক্ষীৰ গুলীত ভৰিত গুৰুতৰ ভাবে আঘাত পাইছে ফকিৰে।
বিশ্বনাথ চাৰিআলিত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। শুকুৰবাৰে নিশা ড্ৰাগছ পেডলাৰক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে ৷ নিশা আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত গুলীবিদ্ধ হয় ফকিৰ আলী নামৰ এটা ড্ৰাগছ পেডলাৰ। নিশা ১.৩০ বজাত সংঘটিটত হৈছে এই ঘটনা। আৰক্ষীৰ গুলীত ভৰিত গুৰুতৰ ভাবে আঘাত পাইছে ফকিৰে।
জানিব পৰা মতে, ফকিৰ আলীৰ ঘৰ দৰংৰ দলগাৱত ৷ বৰ্তমান ফকিৰক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ৷ ড্ৰাগছৰ বিৰোদ্ধে অভিযান চলাবলৈ যাওতে সংঘটিত হৈছে এই ঘটনা ৷ শুকুৰবাৰে বিয়লি বিশ্বনাথ চাৰিআলিৰ ASTC ৰ বাছ আস্থানৰ পৰা ফকিৰ আলীৰ লগতে আন এজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ লগতে জব্দ কৰিছিল ১৬ টা কণ্টেইনাৰত ১৮২ গ্ৰাম ব্ৰাউন চুগাৰ আৰু নগদ ১.৫৯ লাখ টকা ৷ I20 গাড়ী লৈ আহিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো ৷ ড্ৰাগছৰ ঘাটি বিচাৰি নিশা যাওতেই সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|