মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ঔষধ ক্ৰয়, বজাৰ কৰাৰ দেখুৱাইছিল অজুহাত, কণ্টেইনমেণ্ট জ’নৰ পৰা ওলাই অহা একাংশক প্ৰহাৰ কৰিলে স্থানীয় ৰাইজে

ঔষধ ক্ৰয়, বজাৰ কৰাৰ দেখুৱাইছিল অজুহাত, কণ্টেইনমেণ্ট জ’নৰ পৰা ওলাই অহা একাংশক প্ৰহাৰ কৰিলে স্থানীয় ৰাইজে

News18 Assam | News18-Assam
Updated:July 13, 2020, 1:39 PM IST
ঔষধ ক্ৰয়, বজাৰ কৰাৰ দেখুৱাইছিল অজুহাত, কণ্টেইনমেণ্ট জ’নৰ পৰা ওলাই অহা একাংশক প্ৰহাৰ কৰিলে স্থানীয় ৰাইজে
বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এই ঘটনা।

বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এই ঘটনা।

  • Share this:
কোৰোণাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে বিশ্বনাথ চাৰিআলিৰ ২৫টাতকৈ স্থান ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন  হিচাবে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ কণ্টেইনমেণ্ট জ'নৰ  পৰা বাহিৰলৈ ওলোৱা আৰু কণ্টেইনমেণ্ট জ'নৰ ভিতৰলৈ সোমোৱাত সম্পূৰ্ণ ৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে ৷

কিন্তু একাংশ লোকে চৰকাৰী নিয়মক অমান্য কৰি কণ্টেইনমেণ্ট জ'নৰ বাহিৰলৈ  ওলাই অহাৰ বাবেই বিশ্বনাথ চাৰিআলিৰ আমবাৰীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ চৰকাৰী নিয়ম অমান্য কৰি ঘৰৰ পৰা ওলাই অহা একাংশ লোকৰ সৈতে প্ৰথমে স্থানীয় ৰাইজৰ তৰ্কাতৰ্কি হয় আৰু পিছত হতাহতিৰ সৃষ্টি হয় ৷

উল্লেখ্য যে, বজাৰ-সমাৰ কৰা, ঔষধ কিনা আদিৰ অজুহাত দেখুৱাই কণ্টেইনমেণ্ট জ'নৰ  বাহিৰলৈ একাংশ লোক ওলাই অহাৰ পিছতেই স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে ৷  অজুহাত দেখুৱাই  নিয়ম অমান্য কৰা সকলক স্থানীয় একাংশ লোকে পিছত প্ৰহাৰো কৰে।

ঘটনা অনুসৰি, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অধীনৰ ৩ নং ৱাৰ্ডৰ  হালধি মেলৰ কাষৰ এটা উপ পথ প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ কাৰণ উক্ত অঞ্চলটোৰ ১১ জনকৈ লোক কৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ কিন্তু প্ৰশাসনৰ নিয়ম অমান্য কৰি কণ্টেইনমেণ্ট জ'নৰ  পৰা একাংশ লোক প্ৰায়েই বাহিৰলৈ ওলাই আহে ৷

কেইবাজনো প্ৰতিষ্ঠিত ব্যৱসায়ী থকা হিন্দীভাষী লোকৰ বসতি প্ৰধান অঞ্চলটোৰ কেইবাজনেও ঘৰৰ পৰা ওলাই আহি নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান খুলি ব্যৱসায় চলাই থকাৰো অভিযোগ উঠিছে ৷ ইয়াকে লৈ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় অঞ্চলটোত ৷
Published by: Himangshu Bhuyan
First published: July 13, 2020, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি