• Home
  • »
  • News
  • »
  • assam
  • »
  • স্পা কৰিবলৈ যোৱা যুৱতীৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ! বিশ্বনাথৰ পাৰ্লাৰত তলা ওলোমালে আছুৱে

স্পা কৰিবলৈ যোৱা যুৱতীৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ! বিশ্বনাথৰ পাৰ্লাৰত তলা ওলোমালে আছুৱে

 আছুৰ বিষয়ববীয়াই ইতিমধ্যে আৰক্ষীক চমজাই দিছে মেনেজাৰ মুকেশ গুপ্তাক।

 আছুৰ বিষয়ববীয়াই ইতিমধ্যে আৰক্ষীক চমজাই দিছে মেনেজাৰ মুকেশ গুপ্তাক।

 আছুৰ বিষয়ববীয়াই ইতিমধ্যে আৰক্ষীক চমজাই দিছে মেনেজাৰ মুকেশ গুপ্তাক।

  • Share this:
বিশ্বনাথ চাৰিআলিৰ এখন পাৰ্লাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে বিস্ফোৰক অভিযোগ। পাৰ্লাৰৰ মেনেজাৰে স্পা কৰিবলৈ অহা এগৰাকী যুৱতীৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ আহিছে। বিশ্বনাথ চাৰিআলিৰ লৰিয়েল পাৰ্লাৰত সংঘটিত হৈছে এই ঘটনা। মেনেজাৰ মুকেশ গুপ্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পিছতে এতিয়া আছুৱে তলা ওলোমাইছে পাৰ্লাৰখনত।

জানিব পৰা মতে, যোৱা ৮ অক্টোবৰত সংঘটিত হৈছিল এই ঘটনা। কিন্তু নিজৰ সন্মানৰ কথা চিন্তা কৰি যুৱতীগৰাকীয়ে ঘটনাটোৰ সম্পৰ্কে কাকো অৱগত কৰা নাছিল। কিন্তু বৃহস্পতিবাৰে যুৱতীগৰাকী বিশ্বনাথ চাৰিআলি আছুৰ কাষ চাপে।

যুৱতীগৰাকীয়ে জনোৱা মতে, মেনেজাৰ গুপ্তাই তেওঁৰ লগতে আনএগৰাকী যুৱতীকো অশ্লীল ভাবে স্পৰ্শ কৰিছিল। পিছত পাৰ্লাৰখনত আছুৰ নেতৃত্ব উপস্থিত হৈ তলা মাৰি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে।  ইতিমধ্যে পাৰ্লাৰখনৰ মেনেজাৰৰ বিৰুদ্ধে আৰক্ষীৰো কাষ চাপিছে যুৱতীগৰাকী। আছুৰ বিষয়ববীয়াই আৰক্ষীক চমজাই দিছে মেনেজাৰ মুকেশ গুপ্তাক।
Published by:Himangshu Bhuyan
First published: