বিশ্বনাথৰ বাঘমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী। মন্ত্ৰী হিমন্ত বিশ্বৰ কনভয় অতিক্ৰম কৰাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা। মন্ত্ৰীৰ কনভয়ৰ খুন্দাত দুই যুৱক নিহত হোৱাৰ অভিযোগ ৰাইজৰ। কিন্তু প্ৰশাসনৰ লোকৰ মতে ট্ৰাকৰ খুন্দাত নিহত হৈছে দুই বাইক আৰোহী।
মন্ত্ৰী হিমন্ত বিশ্বৰ কনভয় লখিমপুৰৰ পৰা ওভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত দুই বাইক আৰোহী বিপুল মাঝি আৰু চুছেন জগদুল্লা বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰভাৱে আহত হৈছে শচীন গোৱালা নামৰ আন এজন যুৱক। আহত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ জিনজিয়া আৰক্ষীৰ। দুৰ্ঘটনাৰ পাছতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ উত্তেজনা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 15, 2019, 22:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।