হাগ্ৰামা মহিলাৰী এগৰাকী ৰাজনৈতিক নেতা নে ব্যৱসায়ী বুলিও সন্দেহ ব্যক্ত কৰে বিশ্বজিত দৈমাৰীয়ে৷
হাগ্ৰামা মহিলাৰী এগৰাকী ৰাজনৈতিক নেতা নে ব্যৱসায়ী বুলিও সন্দেহ ব্যক্ত কৰে বিশ্বজিত দৈমাৰীয়ে৷
হাগ্ৰামাৰ বিৰুদ্ধে সৰৱ বিশ্বজিৎ দৈমাৰী৷ বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সৰৱ হৈ পৰে একালৰ সতীৰ্থ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে৷ বিপিএফৰ পৰা গৈ বিজেপিত যোগদান কৰা বিশ্বজিৎ দৈমাৰীয়ে হাগ্ৰামাক আখ্যা দিছে বিশ্বাসঘাতক বুলি৷
দৈমাৰীয়ে কয় – বিটিচিৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে হাগ্ৰামাই৷ বিটিচিৰ উন্নয়নৰ নামত অহা ধন এফালৰ পৰা লুন্ঠন কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷
বিশ্বজিৎ দৈমাৰীৰ অভিযোগ, বিটিচিবাসীৰ সপোনক ধুলিসাত কৰিছে হাগ্ৰামাই৷ বিগত পোন্ধৰ বছৰে বিটিচিৰ চীফ হৈ আঁচনিৰ নামত অহা ধন ঠিকাদাৰৰ সৈতে লগলাগি কেৱল নিজৰ পকেটত ভৰাইছে হাগ্ৰামাই৷ সদ্য বিপিএফ ত্যাগী নেতাগৰাকীয়ে কয় বিটিচিত কিমান দুৰ্নীতি হৈছে সেয়া ক’বলৈ ভাষা নাই৷ প্ৰতিটো আঁচনিতে সংঘটিত হৈছে দুৰ্নীতি৷
আঁঠুৱা, কম্বল, টিনপাত, চাইকেল ক্ৰয়ৰ ক্ষেত্ৰতো হাগ্ৰামাৰ আমোলত সংঘটিত হৈছে ভয়াৱহ দুৰ্নীতি৷ সেয়ে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব লাগে৷ যাতে হাগ্ৰামাই কৰিব নোৱাৰা কামবোৰ কৰিব পাৰো৷ – ক’লে বিশ্বজিৎ দৈমাৰীয়ে।
ইফালে হাগ্ৰামা মহিলাৰী এগৰাকী ৰাজনৈতিক নেতা নে ব্যৱসায়ী বুলিও সন্দেহ ব্যক্ত কৰে বিশ্বজিত দৈমাৰীয়ে৷ বিটিচিৰ উন্নয়নৰ ধনেৰে হাগ্ৰামাই হোটেল, ৰেষ্টুৰেণ্ট, হাস্পতাল, তেল ডিপো নিৰ্মাণ কৰি ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপন কৰি বিশ্বজিৎ দৈমাৰীয়ে কয়, হোটেলৰ মেনেজাৰৰ পৰা হিচাপ লোৱা হাগ্ৰামাই ৰাইজৰ কি উন্নয়ন কৰিব?
এইবাৰ হাগ্ৰামা মহিলাৰী বিটিচিৰ চীফ হোৱাটো দূৰৰ কথা নিজৰ সমষ্টিটোৰ পৰা জিকিব নে নাই সেয়াও সন্দেহ ব্যক্ত কৰে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে৷ আনহাতে, ১৯৯৯ চনত নিযুক্ত শিক্ষকৰ পৰা কেবা কোটি টকা আত্মসাৎ কৰা বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ নসাৎ কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় মই কোনো শিক্ষকৰে টকা খোৱা নাই৷ হাগ্ৰামাই হে খাইছিল সেইসকল শিক্ষকৰ চাকৰি৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|