• Home
  • »
  • News
  • »
  • assam
  • »
  • বাক্সাৰ ভাৰত-ভূটান সীমান্তত ব্যৱসায়ীক অপহৰণ কৰি নি হত্যাৰ চেষ্টা, মুৰ্মূষু অৱস্থাত পেলাই থৈ গ’ল জংঘলত

বাক্সাৰ ভাৰত-ভূটান সীমান্তত ব্যৱসায়ীক অপহৰণ কৰি নি হত্যাৰ চেষ্টা, মুৰ্মূষু অৱস্থাত পেলাই থৈ গ’ল জংঘলত

বিশ্বজিতক যুৱককেইজনে অপহৰণ কৰি নি বেয়াকৈ মাৰপিট কৰি জংঘলৰ মাজত পেলাই থৈ যায়।

বিশ্বজিতক যুৱককেইজনে অপহৰণ কৰি নি বেয়াকৈ মাৰপিট কৰি জংঘলৰ মাজত পেলাই থৈ যায়।

বিশ্বজিতক যুৱককেইজনে অপহৰণ কৰি নি বেয়াকৈ মাৰপিট কৰি জংঘলৰ মাজত পেলাই থৈ যায়।

  • Share this:
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দৰংগামেলা আৰক্ষী চকীৰ অন্তৰ্গত শশীপুৰত এজন ব্যৱসায়ীক অপহৰণ কৰি নি নিৰ্মম ভাৱে অত্যাচাৰ কৰি পেলাই থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভূটান সীমান্তৰ গেৰেজ লাইনত থকা নিজৰ দোকানৰ পৰা  বৃহস্পতিবাৰে আবেলি কেইজনমান যুৱকে আহি বিশ্বজিৎ দাস নামৰ দোকানী এজনক জোৰ জুলমকৈ উঠাই লৈ যায়। এই ঘটনাৰ খবৰ জানিব পাৰি বিশ্বজিতক স্থানীয় কেইজনমান যুৱকে বিচাৰ-খোচাৰ কৰাত শশীপুৰৰ এটুকুৰা জংঘলৰ মাজত তেওঁক মুৰ্মূষু অৱস্থাত উদ্ধাৰ কৰে।

বিশ্বজিতক যুৱককেইজনে অপহৰণ কৰি নি বেয়াকৈ মাৰপিট কৰি জংঘলৰ মাজত পেলাই থৈ যায়। আনকি বিশ্বজিতৰ মুখত মূত্ৰও ত্যাগ কৰে আক্ৰমণকাৰী যুৱককেইজনে। পিছত আঘাত প্ৰাপ্ত বিশ্বজিৎক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

বিশ্বজিতৰ পৰিয়ালে ঘটনা সংক্ৰান্তত দৰংগামেলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে এতিয়ালৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। দৰঙামেলা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি