ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমে আয়োজন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ, কেনেকৈ কৰিব লাগিব পঞ্জীয়ন?

News18 Assam | News18-Assam
Updated:June 11, 2021, 7:57 PM IST
ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমে আয়োজন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ, কেনেকৈ কৰিব লাগিব পঞ্জীয়ন?
অহা ২৪ আৰু ২৫ জুলাইত অনুষ্ঠিত হ'ব চেমিনাৰখন।

অহা ২৪ আৰু ২৫ জুলাইত অনুষ্ঠিত হ'ব চেমিনাৰখন।

  • Share this:
ভাৰতীয় ইতিহাস সংকলন সমিতি অসমে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ অনুষ্ঠিত কৰাৰ যো-জা চলাইছে। অনুষ্ঠিত হ'বলগীয়া চেমিনাৰৰ মূল বিষয় “Revisiting Indian Freedom Movement: A Saga of Unsung Heroes of Uttar Purba Bharat"। অহা ২৪ আৰু ২৫ জুলাইত অনুষ্ঠিত হ'ব চেমিনাৰখন। লগতে অহা ১৯ আগষ্টত “Writing of Bharatiya Itihasa with Bharatiya Perspective” ৰ ওপৰত এখন ৱৰ্কশ্বপো আয়োজন কৰিছে ভাৰতীয় ইতিহাস সংকলন সমিতি অসমে।

অনলাইনৰ মাধ্যমেৰে হ'বলগীয়া চেমিনাৰখনত সম্পূৰ্ণ বিনামূলীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব। https://forms.gle/AUCNYECyFY2zxw8QAৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনত অংশগ্ৰহণৰ বাবে ৰেজিষ্টাৰ কৰিব লাগিব। সেইদৰে অহা ১৯ আগষ্টত অনুষ্ঠিত হবলগীয়া ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিবলৈ https://forms.gle/hA7hYVBifUhYJZht5ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব।

ভাৰতীয় ইতিহাস সংকলন সমিতি অসমৰ সভাপতি প্ৰফেচৰ দিলীপ কুমাৰ ফুকনে শিক্ষক, গৱেষক, ইতিহাসবিদ, নৃতত্ববিদ, লিখক, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰখনত ভাগ ল'বলৈ আহ্বান জনাইছে।
Published by: Himangshu Bhuyan
First published: June 11, 2021, 7:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি