• Home
  • »
  • News
  • »
  • assam
  • »
  • MLA Hostel: স্মৃতি হৈ ৰ'ব বিধায়কৰ অসম আৰ্হিৰ ঘৰবোৰ

MLA Hostel: স্মৃতি হৈ ৰ'ব বিধায়কৰ অসম আৰ্হিৰ ঘৰবোৰ

১৯৭২ চনত নিৰ্মাণ আৰম্ভ কৰা ঘৰবোৰত মন্ত্ৰী–বিধায়ক আৱাসী হৈছিল ১৯৭৬-৭৭ চনৰ পৰা ৷

১৯৭২ চনত নিৰ্মাণ আৰম্ভ কৰা ঘৰবোৰত মন্ত্ৰী–বিধায়ক আৱাসী হৈছিল ১৯৭৬-৭৭ চনৰ পৰা ৷

১৯৭২ চনত নিৰ্মাণ আৰম্ভ কৰা ঘৰবোৰত মন্ত্ৰী–বিধায়ক আৱাসী হৈছিল ১৯৭৬-৭৭ চনৰ পৰা ৷

  • Share this:

প্ৰায় ১৯৭২ চন মানতে নিৰ্মাণ হৈছিল অসম বিধানসভাৰ বিধায়কৰ আৱাসবোৰ ৷ আনোৱাৰা টাইমূৰ মন্ত্ৰীসভাৰ পৰা হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ অধিকাংশই আছিল অসম আৰ্হিৰ ঘৰবোৰত ৷ পিছে আপোনাৰ  স্মৃতিহে হৈ ৰ'ব বিধায়কৰ অসম আৰ্হিৰ ঘৰসমূহ ৷ অসম আৰ্হিৰ আটোমটোকাৰি ঘৰবোৰত পৰিব হাতুৰীৰ কোব ৷


ভাঙি পেলোৱা হ'ব ১৯৭২ চনত নিৰ্মাণ কৰা অসম আৰ্হিৰ চিনাকি বিধায়কৰ আৱাসবোৰ ৷ ১৯৭২ চনত নিৰ্মাণ আৰম্ভ কৰা ঘৰবোৰত মন্ত্ৰী–বিধায়ক আৱাসী হৈছিল ১৯৭৬-৭৭ চনৰ পৰা ৷ আনোৱাৰা টাইমূৰ মন্ত্ৰীসভাৰ অধিকাংশই আছিল অসম আৰ্হিৰ আৱাসত ৷ প্ৰয়াত হিতেশ্বৰ শইকীয়া নিজে এই আৱাসত নাছিল যদিও শইকীয়া মন্ত্ৰীসভাৰ অধিকাংশ আছিল অসম আৰ্হিৰ আৱাসত ৷


গোলাপ বৰবৰা মন্ত্ৰীসভাৰ অধিকাংশৰে ঠিকনা আছিল ঘৰবোৰ ৷ সময় সলনি হৈ গৈ থাকিল৷ মাজে মাজে মেৰামতি হৈ থাকিল অসম আৰ্হিৰ ঘৰবোৰৰ ৷


অসম আন্দোলনৰ ৰক্ত ৰঞ্জিত ইতিহাস লৈ ১৯৮৫ত চৰকাৰ গঠন কৰিলে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰো ঠিকনা এতিয়াও  অসম আৰ্হিৰ আৱাস ৷ পিছে স্মৃতি বিজড়িত ঘৰবোৰ নাথাকে আৰু ৷ অসম আৰ্হিৰ ঘৰবোৰৰ ঠাইত নিৰ্মাণ কৰিব বিল্ডিং ৷ ৫১জন বিধায়কৰ বাবে লাগে ফ্লেট।


এনে পৰিপ্ৰেক্ষিতত অসম আৰ্হিৰ ঘৰসমূহ ভঙাৰ সিদ্ধান্ত জনালে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷  তেওঁ কয়– "বহুকেইটা আৱাসৰ অৱস্থা পুতৌজনক ৷ অলপ পানী হ'লেই ঘৰৰ ভিতৰত সোমায় ৷ লাহে লাহে মেৰামতি কৰিব পৰা অৱস্থা নোহোৱা হৈছে ৷ নতুনকৈ আমাক ৫১টা ফ্লেটৰ প্ৰয়োজন হৈছে ৷ অসম আৰ্হিৰ ঘৰবোৰ ভাঙি তাত বিল্ডিং নিৰ্মাণৰ চিন্তা কৰিছোঁ ৷"


অৱশ্যে এটা আৱাস নভঙাকৈ ৰখাৰ প্ৰয়াস কৰাৰ কথাও ক'লে অধ্যক্ষগৰাকীয়ে ৷ হেৰিটেজ হোম হিচাপে থাকিব অসম আৰ্হিৰ এটা আৱাস ৷ আৰ্কিটেক্টৰ সহায় লৈ এই কাম কৰিব বিচাৰে বিধানসভাৰ অধ্যক্ষজনে ৷ অকল অসম আৰ্হিৰ ঘৰবোৰ ভাঙি অট্টালিকা সজাৰ মনস্থ কৰাই নহয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অসম বিধানসভাক দিব খুজিছে নৱ ৰূপ ৷

Published by:Gautam Barman
First published: