• Home
  • »
  • News
  • »
  • assam
  • »
  • Sonari: সোণাৰিত গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ পেকেটত দিল্লীৱালাৰ বিৰিয়ানি পৰিৱেশন, তীব্ৰ প্ৰতিক্ৰিয়া

Sonari: সোণাৰিত গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ পেকেটত দিল্লীৱালাৰ বিৰিয়ানি পৰিৱেশন, তীব্ৰ প্ৰতিক্ৰিয়া

এজাহাৰ দাখিলৰ পাছতে ব্যৱসায়ী চক্ৰটোৰ দুজন যুৱকক সোণাৰি আৰক্ষীয়ে আটক কৰে।

এজাহাৰ দাখিলৰ পাছতে ব্যৱসায়ী চক্ৰটোৰ দুজন যুৱকক সোণাৰি আৰক্ষীয়ে আটক কৰে।

এজাহাৰ দাখিলৰ পাছতে ব্যৱসায়ী চক্ৰটোৰ দুজন যুৱকক সোণাৰি আৰক্ষীয়ে আটক কৰে।

  • Share this:
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ৪নং ৱাৰ্ডৰ মাৰুতি কমপ্লেক্সত দিল্লীৰ পৰা অহা দুজনমান যুৱকে নতুনকৈ হোটেল খুলি আৰম্ভ কৰা  বিৰিয়ানি খুওৱাৰ নামত গ্ৰাহকক গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ পেকেটত বিৰিয়ানি পেকিং কৰি পৰিৱেশন কৰা কার্যত সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (strong reaction at Sonari)।

জানিব পৰা মতে, প্ৰায় এটা পষেক পূৰ্বে দিল্লীৰ পৰা অহা দুজনমান যুৱকে হায়দৰাবাদী বিৰিয়ানি আৰু দিল্লীৰ বিৰিয়ানি বনাই গ্ৰাহকক আকৰ্ষিত কৰাৰ অৰ্থে ডাঙৰ ডাঙৰ চৰুৱাত বিৰিয়ানি প্ৰস্তুত কৰি বিক্ৰী কৰা আৰম্ভ কৰে । পাছত গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাত কিছু কিছুৱে নিজে বিৰিয়ানি খাই ঘৰৰ বাবেও পেকিং কৰি লৈ যায় (Biryani serving in dog food packets) ।

কিন্তু যোৱা দুদিনৰ পৰা যুৱককেইজনে বিৰিয়ানিসমূহ গ্ৰাহকক গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ পেকেটত পেকিং কৰা কাৰ্যই গ্ৰাহকৰ চকু কপালত তোলে । কালি বিয়লি এই একাংশ গ্ৰাহকে এই বিষয়ত আপত্তি কৰাত যুৱককেইজনে কথাটোত গুৰুত্ব আৰোপ নকৰাত গ্ৰাহকসকলে কথাটো সোণাৰিত কেইজনমান সংবাদকৰ্মীক অৱগত কৰে।

পাছত ঘটনাস্থলীত সংবাদ কর্মীৰ দলটো উপস্থিত হোৱাত প্ৰথমে যুৱককেইজনে নিজৰ দোষ স্বীকাৰ নকৰে যদিও সংবাদকৰ্মীৰ জেৰাত আৰু গ্ৰাহকৰ আপত্তিত গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ এই শ শ পেকেট বাজেয়াপ্ত কৰে।

ইফালে কালি নিশাই উক্ত ঘটনা সন্দৰ্ভত সোণাৰিৰ তিনিজন সচেতন যুৱক ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মা, অনুৰাগ গগৈ আৰু প্ৰসেনজিৎ নন্দীয়ে সোণাৰি সদৰ আৰক্ষী থানাত  এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিলৰ পাছতে ব্যৱসায়ী চক্ৰটোৰ দুজন যুৱকক সোণাৰি আৰক্ষীয়ে আটক কৰে। আনহাতে এজাহাৰকাৰী যুৱকত্ৰয়ে অসম চৰকাৰক এই সন্দৰ্ভত বিশেষ আইন প্ৰণয়ন কৰি ধৰ্মীয় চেতনাত আঘাত হনা লোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি