CAAৰ প্ৰতিবাদ কৰি ৰোষত অসমীয়া পিতৃ! লক আপৰ ভিতৰৰ পৰাই জন্মদিনত এবছৰীয়া কন্যাক কৰিলে মৰম, কাটিলে কেক

News18 Assam | News18-Assam
Updated:December 26, 2019, 2:06 PM IST
CAAৰ প্ৰতিবাদ কৰি ৰোষত অসমীয়া পিতৃ! লক আপৰ ভিতৰৰ পৰাই জন্মদিনত এবছৰীয়া কন্যাক কৰিলে মৰম, কাটিলে কেক
থুনুক–থানাককৈ ‘দেউতা’ বুলি মাতিব পৰা হোৱা কণমানিজনীৰ পিতৃ এতিয়া লক–আপত।

থুনুক–থানাককৈ ‘দেউতা’ বুলি মাতিব পৰা হোৱা কণমানিজনীৰ পিতৃ এতিয়া লক–আপত।

  • Share this:
মৰমৰ সন্তানটিৰ আজি এবছৰ সম্পূৰ্ণ হৈছে। প্ৰথমটো ওপজা দিন। তাইৰ প্ৰথমটো জন্মদিন ধুমধামেৰে পতাৰ কথা আছিল। এটা ধুনীয়া কেক, কণমানিজনীৰ বাবে এযোৰ ধুনীয়া কাপোৰ। ওচৰ–চুবুৰীয়াক নিমন্ত্ৰণ জনাই আপ্যায়ন কৰাৰ কথা আছিল। পত্নীৰ সৈতে জন্মদিনৰ সকলো পৰিকল্পনা পূৰ্বৰে পৰা কৰিছিল অমৃত দত্তই। কিন্তু সেয়া নহ’লগৈ।

থুনুক–থানাককৈ ‘দেউতা’ বুলি মাতিব পৰা হোৱা কণমানিজনীৰ পিতৃ এতিয়া লক–আপত। প্ৰথমটো জন্মদিনত পিতৃক বিচাৰি কণমানিজনী যাবলগীয়া হ’ল থানালৈ। কাৰণ, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মাতি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে পিতৃ। ঘটনাটো ডিগবৈৰ।

হাতত এটা কেক। কোলাত কণমানি ছোৱালীজনী। নিজৰ কন্যাৰ প্ৰথমটো জন্মদিন পালন কৰিবলৈ থানা পালেগৈ মাতৃ। কণমানি সন্তানক দেখি চকু সেমেকি উঠিল অমৃতৰ। লক–আপৰ ৰডৰ মেজেৰে আগবঢ়াই দিলে হাতখন। কণমানি কন্যাৰ গালে–মুখে হাত বুলাই কাটিলে জন্মদিনৰ কেক।



এই দৃশ্যই কিছু সময়ৰ বাবে আবেগিক কৰি তুলিলে উপস্থিত সকলোকে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই দৃশ্য। জাতি–মাতি–ভেটি ৰক্ষা স্বাৰ্থত মাত মাতি বহু ‘অমৃত’ বৰ্তমান কাৰাগাৰৰ আলহী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি