• Home
  • »
  • News
  • »
  • assam
  • »
  • মোক কি কাৰণত আটক কৰা হ'ল চৰকাৰে স্পষ্ট কৰক, চৰকাৰলৈ প্ৰশ্ন বিৰিঞ্চিৰ, ১৫ আগষ্টত কিয় আটক কৰা হ'ল মহাদেৱৰ ভাও দিয়া বিৰঞ্চিক?

মোক কি কাৰণত আটক কৰা হ'ল চৰকাৰে স্পষ্ট কৰক, চৰকাৰলৈ প্ৰশ্ন বিৰিঞ্চিৰ, ১৫ আগষ্টত কিয় আটক কৰা হ'ল মহাদেৱৰ ভাও দিয়া বিৰঞ্চিক?

বাটৰ নাট কৰাৰ পিছতো বিৰিঞ্চি বৰাক নগাঁও আৰক্ষীয়ে আটক কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁক মুকলি কৰি দিয়া হৈছিল।

বাটৰ নাট কৰাৰ পিছতো বিৰিঞ্চি বৰাক নগাঁও আৰক্ষীয়ে আটক কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁক মুকলি কৰি দিয়া হৈছিল।

বাটৰ নাট কৰাৰ পিছতো বিৰিঞ্চি বৰাক নগাঁও আৰক্ষীয়ে আটক কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁক মুকলি কৰি দিয়া হৈছিল।

  • Share this:
"মোৰ আজি এনেকুৱা অনুভৱ হৈছে যেন আমি পৰাধীন দেশৰ নাগৰিক। কোনো কাৰণ নোহোৱাকৈ মোক আটক কৰা হ'ল।"- এই মন্তব্য মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহাদেৱৰ ভাও দি বাটৰ নাটৰে প্ৰতিবাদ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত হোৱা নগাঁৱৰ বিৰিঞ্চি বৰাৰ। ১৫ আগষ্টৰ পুৱা ৭ বজাতে নগাঁও আৰক্ষীৰ এটা দলে বিৰিঞ্চি বৰাক ননৈ গোমোঠা গাঁৱৰ নিজ বাসগৃহৰ পৰা আটক কৰে। অৱশ্যে বিয়লি বিৰিঞ্চি বৰাক মুকলি কৰি দিয়ে নগাঁও আৰক্ষীয়ে।

ইয়াৰ পিছতে চৰকাৰ তথা আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বিৰিঞ্চি বৰাই কয়, "মহামানৱ মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ উত্তৰাধিকাৰীসকলে এতিয়া ভুৱা দেশপ্ৰেমৰ অভিনয় কৰিছে। ৫২ বছৰে আৰএছএছৰ কাৰ্যালয়ত পতাকা উত্তোলন নকৰিলে। এতিয়া তেওঁলোকে দেশপ্ৰেমৰ অভিনয় কৰিবলৈ আহিছে। বিজেপি চৰকাৰৰ আমোলত মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰিছে। এইখন চৰকাৰে দেশৰ সম্পদ বেছি শেষ কৰিছে।"

উল্লেখযোগ্য যে, বাটৰ নাট কৰাৰ পিছতো বিৰিঞ্চি বৰাক নগাঁও আৰক্ষীয়ে আটক কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁক মুকলি কৰি দিয়া হৈছিল। কিন্তু স্বাধীনতা দিৱসত পুনৰ এনে অভিনৱ প্ৰতিবাদ কৰাৰ আশংকাতে নগাঁও আৰক্ষীয়ে তেওঁক আটক কৰাৰ পিছতে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Published by:Sanjay Kumar Das
First published: