মুল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ মহাদেৱৰ ভাও দি চৰ্চিত হোৱা নগাঁৱৰ বিৰিঞ্চি বৰাই যোগদান কৰিলে আম আদমী পাৰ্টিত। আম আদমী পাৰ্টিৰ অসম প্ৰদেশ শাখাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰা বিৰিঞ্চিয়ে সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্য অনুসৰি সমগ্ৰ ভাৰততে এতিয়া বিজেপিৰ একমাত্ৰ বিকল্প কেৱল আম আদমী পাৰ্টি। কাৰণ প্ৰধান বিৰোধী দল কংগ্ৰেছক ইতিমধ্যে তচনচ কৰি পেলাইছে। কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই ক্ষমতাৰ খকত বিজেপিত যোগদান কৰিছে।
আনহাতে বিজেপিক তীব্ৰ সমালোচনা কৰি বিৰিঞ্চিয়ে কয়, বিজেপিৰ শাসনকালত ভাৰতৰ অৰ্থনীতিৰ চৰম বিপৰ্যয় হৈছে। বিজেপিয়ে কেৱল বিভেদৰ ৰাজনীতি কৰিছে। ভাৰতৰ ৰাইজে বৰ্তমান বিজেপি আৰু কংগ্ৰেছৰ সলনি মুল্যবোধৰ ৰাজনীতি কৰা ৰাজনৈতিক দলকহে বিচাৰিছে। সেয়ে বিজেপি আৰু কংগ্ৰেছৰ বিকল্প হিচাপে দিল্লীৰ পিছত পঞ্জাৱৰ ৰাইজেও আম আদমী পাৰ্টিক আদৰি লৈছে। লাহে লাহে সমগ্ৰ দেশতে আপৰ উত্থান হোৱাটো নিশ্চিত। অসমৰ ৰাইজেও বিজেপিৰ বিকল্প হিচাপে আম আদমী পাৰ্টিক বিচাৰিছে।
উল্লেখযোগ্য যে, অনাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰিঞ্চি বৰাক মধ্য অসমত আপৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|