உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অমানৱীয়! বৰপেটাৰ শিলাত শ শ পক্ষীৰ মৃত্যু, শস্যত বিহ দি পক্ষী নিধন কৰাৰ সন্দেহ

    অমানৱীয়! বৰপেটাৰ শিলাত শ শ পক্ষীৰ মৃত্যু, শস্যত বিহ দি পক্ষী নিধন কৰাৰ সন্দেহ

    ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পক্ষীপ্ৰেমীয়ে ৷ কোনে আৰু কিয় এই নিধন যজ্ঞ চলাইছে সেয়া পোহৰলৈ অহা নাই।

    ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পক্ষীপ্ৰেমীয়ে ৷ কোনে আৰু কিয় এই নিধন যজ্ঞ চলাইছে সেয়া পোহৰলৈ অহা নাই।

    ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পক্ষীপ্ৰেমীয়ে ৷ কোনে আৰু কিয় এই নিধন যজ্ঞ চলাইছে সেয়া পোহৰলৈ অহা নাই।

    • Share this:
    বৰপেটাৰ শিলাত শ শ পক্ষী নিধন। খেতিত বিষাক্ত বিহ মিহলাই বহু পক্ষী নিধন কৰাৰ সন্দেহ কৰা হৈছে। ঘনচিৰিকা, কপৌকে ধৰি বহু চৰাইৰ মৃত্যু হৈছে। পোহনীয়া হাহ–কুকুৰা, পাৰৰো মৃত্যু ঘটিছে এই বিষাক্ত বিহযুক্ত শস্য খাই। বহু ছাগলীও আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। পশু, পক্ষী নিধনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পক্ষীপ্ৰেমীয়ে ৷ কোনে আৰু কিয় এই নিধন যজ্ঞ চলাইছে সেয়া পোহৰলৈ অহা নাই।

    চৰাই–চিৰিকটি, হাহ–কুকুৰাৰ পৰা শস্য ৰক্ষা কৰাৰ বাবেই এই নিষ্ঠুৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে ৰাইজে। আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে খেতিপথাৰখনত প্ৰত্যক্ষ কৰে এই মৰ্মান্তিক দৃশ্য। উল্লেখযোগ্য যে, যিখিনি কৃষিভূমিত এই পক্ষীসমূহৰ মৃত্যু হৈছে সেই ভূমিৰ চাৰিসীমাতো আছে খেতি। কিন্তু বাকী কৃষিভূমিত পক্ষীৰ মৃত্যু হোৱা নাই। যাৰ বাবে ৰাইজে সেই খেতিখিনি কৰা খেতিয়কজনকে বিষাক্ত বিহ মিহলাই পক্ষীবোৰ হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

    বিষাক্ত দ্ৰব্য খাই পক্ষীৰ মৃত্যু হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান শৰ্মাই এই ঘটনাক তীব্ৰ গৰিহণা দি জিলা প্ৰশাসনক উচিত তদন্ত কৰি ঘটনাত জড়িতক কৰায়ত্ত কৰাৰ দাবী তুলিছে।
    Published by:Sanjay Kumar Das
    First published: