মুখ্যপৃষ্ঠা »খবৰ »অসম »অসম পালেহি বাৰ্ড ফ্লু! তত্‍পৰ অসম চৰকাৰ, বন্ধ হ’ব নেকি মুৰ্গী মাংসৰ বিক্ৰী?

অসম পালেহি বাৰ্ড ফ্লু! তত্‍পৰ অসম চৰকাৰ, বন্ধ হ’ব নেকি মুৰ্গী মাংসৰ বিক্ৰী?

বাৰ্ড ফ্লুৰ সংক্ৰমণক লৈ তত্‍পৰ অসম চৰকাৰ

বাৰ্ড ফ্লুৰ সংক্ৰমণক লৈ তত্‍পৰ অসম চৰকাৰ

বাৰ্ড ফ্লুৰ সংক্ৰমণক লৈ তত্‍পৰ অসম চৰকাৰ

  • Share this:
অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। তাৰ মাজতে দেশত আৰম্ভ হৈছে বাৰ্ড ফ্লুৰ সংক্ৰমণ। দেশৰ বিভিন্ন ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ লৈছে বাৰ্ড ফ্লুৱে। ইফালে অসমতো এতিয়া বাৰ্ড ফ্লুৰ সংক্ৰমণ আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়া তত্‍পৰ হৈছে অসম চৰকাৰ। বাৰ্ড ফ্লুৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি  চিৰিয়াখানাত বন্ধ কৰা হৈছে মুৰ্গীৰ মাংস।

ইফালে ৰাজ্যৰ পশুপালন বিভাগে বহিঃৰাজ্যৰ পৰা মুৰ্গীৰ আমদানী বন্ধ কৰি দিছে বুলি জানিব পৰা গৈছে। আনহাতে মুৰ্গীৰ মাংস গ্ৰহণ কৰাৰ সময়তো ৰাইজক সাৱধান হ’বলৈ আহ্বান জনাইছে।

ইফালে কেৰালাৰ আলাপ্পুঝা, কোট্টায়ম, হাৰিয়ানাৰ পাঞ্চকুলাত বাৰ্ড ফ্লুৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে কেৱল কেৰালাতে ১,৭০০ৰো অধিক মুৰ্গীৰ মৃত্যু হৈছে। আনহাতে জৰুৰীকালীন অৱস্থাত বিভিন্ন ৰাজ্যত ১৪৪ ধাৰা জাৰি কৰা হৈছে। সেইদৰে মানৱ দেহলৈ যাতে বাৰ্ড ফ্লু সংক্ৰমিত হ’ব নোৱাৰে, তাৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়া বাতৰি