দেশৰ বিভিন্ন ঠাইত এতিয়া বাৰ্ড ফ্লুৰ আতংক। কেৰালাত ভয়ংকৰ ৰূপ লৈছে বাৰ্ড ফ্লুৱে। শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য কৰি অসম চৰকাৰেও এই ক্ষেত্ৰত সাৱধানে আগবাঢ়িছে। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ পশুপালন বিভাহে জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা।
বহিঃৰাজ্যৰ পৰা অসমলৈ হাঁহ-কুকুৰাৰ আমদানিত সম্পূৰ্ণ ৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইতিমধ্যে বিভাগৰ ফালৰ পৰা নিৰ্দেশনাও জাৰি কৰা হৈছে। ইয়াৰ ফলত এতিয়া উৰুকাৰ বজাৰত মাংসৰ দাম বৃদ্ধিৰ আশংকা কৰা হৈছে।
ইফালে এই সময়খিনিত যাতে দুষ্ট চক্ৰই মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ বাবেও দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 09, 2021, 14:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।