মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Durga Puja 2021 : কাগজৰ প্ৰতিমাৰে বিজনীত ব্যতিক্ৰমী দুৰ্গা পূজা, দহ ফুট উচ্চতাৰ কাগজৰ দুৰ্গাৰে চমক দিলে বিপ্লৱে

Durga Puja 2021 : কাগজৰ প্ৰতিমাৰে বিজনীত ব্যতিক্ৰমী দুৰ্গা পূজা, দহ ফুট উচ্চতাৰ কাগজৰ দুৰ্গাৰে চমক দিলে বিপ্লৱে

News18 Assam | News18-Assam
Updated:October 12, 2021, 4:35 PM IST
Durga Puja 2021 : কাগজৰ প্ৰতিমাৰে বিজনীত ব্যতিক্ৰমী দুৰ্গা পূজা, দহ ফুট উচ্চতাৰ কাগজৰ দুৰ্গাৰে চমক দিলে বিপ্লৱে
বিজনীৰ ৩ নং ৱাৰ্ডৰ বিপ্লৱ বণিক্য নাম এজন যুৱকে নিজা প্ৰচেষ্টাৰে  কাগজৰে সাজি উলিয়ালে  দহ ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা ৷ ইতিমধ্যে যুৱকজনে কাগজৰ প্ৰতিমা আগবঢ়াইছে স্থানীয় পূজা সমিতি এখনক ৷

বিজনীৰ ৩ নং ৱাৰ্ডৰ বিপ্লৱ বণিক্য নাম এজন যুৱকে নিজা প্ৰচেষ্টাৰে  কাগজৰে সাজি উলিয়ালে  দহ ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা ৷ ইতিমধ্যে যুৱকজনে কাগজৰ প্ৰতিমা আগবঢ়াইছে স্থানীয় পূজা সমিতি এখনক ৷

  • Share this:
বিজনীৰ যুৱক এজনে দীৰ্ঘ দিনৰ পৰা মনত পুহি ৰাখিছিল দুৰ্গোৎসৱক লৈ ব্যতিক্ৰমীভাৱে কিবা এটা কৰাৰ ইচ্ছা। অৱশেষত এইবাৰ দুৰ্গোৎসৱত বিজনীৰ বিপ্লৱ বণিক্যই সপোন বাস্তৱত ৰূপ দিবলৈ সক্ষম হ’ল ৷ যুৱকজনে কাগজেৰে সাজি উলিয়ালে দহ ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা।

বিপ্লৱে  নিজ ঘৰতেই আজৰি সময়ত কেৱল কাগজেৰে নিৰ্মাণ কৰি উলিয়াইছে ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা। বিজনীৰ ৩ নং ৱাৰ্ডৰ বিপ্লৱ বণিক্য নামৰ যুৱকজনে  একক প্ৰচেষ্টাৰে  নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ দুৰ্গা প্ৰতিমাটো। কোনো প্ৰশিক্ষণ অবিহনে নিজৰ চিন্তাৰে কেৱল কাগজ আৰু আঠা ব্যৱহাৰ কৰিয়েই প্ৰায় চৈধ্য দিনত সম্পূৰ্ণ কৰি উলিয়াইছে প্ৰতিমাটো।

যুৱকজনে সাজি উলিওৱা এই বিশেষ প্ৰতিমাভাগ কোনো মাননি অবিহনে বিজনী বড়কালিবাৰীস্থিত দুৰ্গা পূজা কমিটীক প্ৰদান কৰা বুলি জানিব পৰা গৈছে। বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ নিৰ্বাচনী কাৰ্যালয়ত অস্থায়ী কৰ্মচাৰী বিপ্লৱ বণিক্যক এই কামত  পিতৃ আৰু বায়েকেও সহায় কৰিছিল ৷ কাৰ্যালয়ৰ পৰা নিজ ঘৰলৈ আহি লাভ কৰা আজৰি সময়ত কাগজৰে দূৰ্গা প্ৰতিমা নিৰ্মাণ কাৰ্যত লাগি পৰিছিল ৷
Published by: Manjumoni Borah
First published: October 12, 2021, 4:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি