পৰেশ বৰুৱাক লৈ উৎসুকতাৰ সীমা নাই ৷ পৰেশ বৰুৱাকলৈ বিভিন্ন জনৰ বিভিন্ন প্ৰশ্ন ! কি চৰ্তত এই পৰ্যন্ত সমস্যা সমাধানৰ দিশে নাহিল পৰেশ বৰুৱা? যদিওৱা ইয়াকে লৈ আলফা স্বাধীনৰ নেতাগৰাকীৰ সম্পৰ্কত সময়ে সময়ে হৈ আহিছে ইতিবাচক আৰু নেতিবাচক আলোচনা ৷
এনে আলোচনা সমালোচনাৰ মাজতে এইবাৰ নিজে মুখ খুলিছে পৰেশ বৰুৱাই ৷ নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে হোৱা এক দীঘলীয়া সময়ৰ সাক্ষাৎকাৰত প্ৰকাশ কৰিছে পৰেশ বৰুৱাৰ শৈশৱ, কৈশোৰ, স্কুলীয়া, কলেজ, N F ৰে'লৱেৰ চাকৰিৰ পৰা আৰম্ভ কৰি ফুটবল খেলা দলটোলৈকে সকলো কথা।
১৩৬ টা অধ্যায় সামৰি লিখা বৃহৎ কলেবৰৰ আত্মজীৱনীখনত স্থান পাইছে এন এছ চি এনৰ কেম্পত বিগত সময়ত আলফাৰ দলটোৰ কেনেকৈ বিলৈ বিপত্তি হৈছিল? কি কি চৰ্তত এন এছ চি এনৰ দলটোৱে প্ৰশিক্ষণ দিছিল আলফাক? বাৰ্মালৈ যোৱাৰ সময়ত দলটোয়ে কি কি খাবলগীয়া হৈছিল? এইসকলোৰ নিজ মুখে প্ৰকাশ কৰিছে বৰুৱাই ৷
কাচিনত কিদৰে KIAৰ সৈতে পৰেশ বৰুৱাই বাৰ্মিছ আৰ্মীৰ সতে যুদ্ধ কৰিছিল? বাৰ্মাত কেনেদৰে নিয়মানুবৰ্তিতা বজাই ৰাখি কাম কৰিছিল? নীতি নিয়ম কিদৰে পালন কৰিবলগা হৈছিল? KIA শিবিৰত কিদৰে ফুটবল খেলিছিল,? কোনে কোনে খেলত অংশগ্ৰহণ কৰিছিল? এই সকলোবোৰ স্থান পাইছে বিজু কুমাৰ ডেকাৰ নতুন গ্ৰন্থখনত ৷ এয়াই নহয়, বাৰ্মাত খাদ্যৰ অভাৱত আত্মহত্যা কৰিবলগীয়া হৈছিল কেইবাগৰাকী আলফা সদস্যই ৷ সেইসময়ত খাদ্য বিপৰীতে কি খাইছিল সদস্যসকলে ৷ ঘন জংঘলৰ মাজৰ প্ৰতিটো দিন নিশাৰ ছবি তুলিধৰাৰ চেষ্টা লেখকৰ ৷
KIAৰ দ্বাৰা অনুষ্ঠিত এক অনুষ্ঠানত সেইসময়ত শিবিৰত গীত গাইছিল পৰেশ বৰুৱাই ৷ পিছে পৰেশ বৰুৱাই গোৱা এই গীতটো কোনে লিখিছিল? কাচিমৰ পৰা অসমলৈ এটি শিশুৰ দল লৈ আহিছিল পৰেশ বৰুৱাই ৷ এই দলটো বৰ্তমান ক'ত? কেৱল ইমানেই নহয় পৰেশ বৰুৱা সংগঠনত থকা সময়ত আছিল গুৱাহাটীত ৷ গুৱাহাটীত থকা সময়ত বৰুৱাক কোনে কোনে কৰিছিল সহায়? ক'ত ৰাখিছিল বৰুৱাক? এইসকলোবোৰ প্ৰকাশ পাব বিজু কুমাৰ ডেকাক নতুন গ্ৰন্থত ৷
এনে বহু ঘটনা পৰিঘটনাৰে লিখা পৰেশ বৰুৱাৰ আত্মজীৱনীখন ৷ ইপিনে আলফা নামাকৰণ কোনে কৰিছিল? ক'ত নাম দিয়া হৈছিল আলফাৰ? কিয় পৰেশ বৰুৱাক হিতেশ্বৰ শইকীয়াই দিব বিচাৰিছিল আৰক্ষীত চাকৰি? কিয় ফুটবল এৰি জংঘলত গৈছিল বৰুৱা? নিজৰ আজৰি সময় বুলিবলৈ পৰেশ বৰুৱাৰ আছেনে?
৷ এনে বহু পূৰ্বে নজনা কথাৰে সমৃদ্ধ বিজু কুমাৰ ডেকাৰ নৱতম গ্ৰন্থখনত প্ৰকাশ পাব ৷ অহা ২৮ এপ্ৰিলত পৰেশ বৰুৱাৰ ওপৰত লিখা 'বিদ্ৰোহ বিপ্লৱ আৰু পৰেশ বৰুৱা' শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থখন মুকলি হ'ব বুলি জনাইছে লেখকগৰাকীয়ে ৷ ৬১৬ পৃষ্ঠাৰ গ্ৰন্থখন অগ্ৰিম বুকিংৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 21, 2021, 22:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।