• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত লোড শ্বেডিং আৰু বিদ্যুতৰ নাটনিৰ আশংকাক লৈ শক্তিমন্ত্ৰী বিমল বৰাই কি কয়?

ৰাজ্যত লোড শ্বেডিং আৰু বিদ্যুতৰ নাটনিৰ আশংকাক লৈ শক্তিমন্ত্ৰী বিমল বৰাই কি কয়?

সোমবাৰে ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সদৰী কৰে কেতবোৰ কথা

সোমবাৰে ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সদৰী কৰে কেতবোৰ কথা

সোমবাৰে ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সদৰী কৰে কেতবোৰ কথা

  • Share this:

শাৰদীয় দুৰ্গা পূজাৰ বতৰত অন্ধকাৰত ডুব যাব নেকি অসম? দেশৰ শক্তিখণ্ড ভয়ানক বিপৰ্যয়ৰ গ্ৰাসত পৰাৰ আশংকা প্ৰকাশ পাই থকাৰ সময়তে ৰাজ্যৰ শক্তি বিভাগে জাৰি কৰিছে এক  জাননী । এই জাননী অনুসৰি দেশৰ তাপ-বিদ্যুৎ প্ৰকল্পসমূহত পৰ্যাপ্ত কয়লাৰ নাটনিৰ বাবে ৰাজ্যৰ বিদ্যুৎ খণ্ডত প্ৰভাৱ পৰাৰ আশংকা আছে ৷


এই সন্দৰ্ভত জাৰি কৰা জাননীক লৈ গ্ৰাহক ৰাইজৰ মাজত ব্যাপক চৰ্চা চলা দেখা গৈছে ৷ এই বিষয়ক লৈ সোমবাৰে ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই সদৰী কৰে কেতবোৰ কথা ৷ News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শক্তিমন্ত্ৰী বিমল বৰাই কয়- “পূজাৰ এই বতৰত ৰাইজে যাতে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ বাবে আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ ৷ বিদ্যুতৰ নাটনি দেশত বিভিন্ন কাৰণত হৈছে ৷ কিন্তু আমি মুকলি বজাৰৰ পৰা বিদ্যুৎ দহ-বাৰ গুণ বেছি দৰত হ'লেও কিনিছোঁ আৰু গ্ৰাহক ৰাইজক আমি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত নকৰোঁ ৷ আমি আমাৰ কাম কৰি আছোঁ ৷ ৰাইজে নিশ্চিন্ত মনে পূজা উপভোগ কৰিব পাৰিব ৷ লোড শ্বেডিং এই সময়ছোৱাত নহয় ৷”


উল্লেখ্য যে সোমবাৰে ৰাজ্যত বিদ্যুৎ খণ্ড অতি সংকটজনক অৱস্থাত থকাৰ কথা জানিবলৈ দি অসম শক্তি বিতৰণ কোম্পানী (Assam Power Distribution Company Limited)ৰ মুখ্য প্ৰবন্ধকে ৰাজ্যত লোড শ্বেডিং হ'ব পাৰে বুলি বিজ্ঞাপনযোগে জাননী প্ৰকাশ কৰিছিল । গতিকে সাৱধানতা তথা মিতব্যয়িতাৰে বিদ্যুৎ খৰচ কৰাৰ বাবেও ৰাইজক আহ্বান জনাইছিল বিভাগটোৱে।

Published by:Gautam Barman
First published: