দেশৰ প্ৰতিখন জিলাক এক্সপোৰ্ট হাব হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। অসম বাণিজ্য উন্নয়ন সংস্থা চমূকৈ এটিপিঅ’ই কেন্দ্ৰীয় সংস্থা এপেডাৰ সহযোগত মহানগৰীৰ বেতকুছিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আয়োজিত ‘বাংলাদেশ আৰু ভূটানৰ সৈতে ৰপ্তানি বাণিজ্যৰ সম্ভাবনা’ শীৰ্ষক এক আলোচনা চক্ৰ উদ্ধোধন কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। বিগত এটা দশকত ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য বহু পৰিমাণে বৃদ্ধি হৈছে বুলি উল্লেখ কৰি উদ্যোগ মন্ত্রী বড়াই কয় যে উদ্যোগ বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত ইতিমধ্যে এটি ৰপ্তানি সহযোগিতা কোষ স্থাপন কৰাৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ফৰেইন ট্রেড (আইআইএফটি)ৰ সহযোগিতাত অসমৰ বিভিন্ন জিলাত ৰপ্তানি সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰিছে। দক্ষিণ-পূৱ এছিয়াত বাংলাদেশক ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক সংগী বুলিও কয়।
ইয়াৰ পূর্বে এটিপিঅ’ৰ অধ্যক্ষ সুনীল ডেকাই ইতিমধ্যে অসমৰ উদ্যোগীয়ে নদী সংযোগ আৰু বিমান যোগাযোগৰ সুবিধা লৈ বিভিন্ন দেশলৈ ৰঙালাউ, নেমু আদি ৰপ্তানি কৰিবলৈ সক্ষম হৈছে বুলিও ভাষণত কয়।
মন কৰিবলগীয়া যে, এই আলোচনাচক্ৰত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত তথা হেড মিছন ৰাহুল আমিন, ৰয়েল ভূটানিজ কনচুলেট জেনেৰেলৰ ভাইচ কনচুল ফুৰপা চিৰিঙ,ইণ্ডিয়ান ইনষ্টিটিউট অৱ ফৰেইন ট্রেডৰ অধ্যাপক ড৹ নমন শৰ্মা, এপেডাৰ ছিনিয়ৰ বিজনেছ ডেভেলপমেন্ট মেনেজাৰ ড৹ অৰ্চনা নাথে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।
- First Published :