আজি বিলাসীপাৰা কাণ্ডৰ ৯ অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। আদালতে ৪ জন মূল অভিযুক্তক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। গেং অৱ ডেভিলৰ আখিৰুল ইছলাম, মিনহাজুল কৰিম, ছহিদুল হক আৰু তহিদুল হকক আৰক্ষীয়ে আদালতৰ নিৰ্দেশৰ পিছতে জিম্মাত লয়।
আনহাতে মূল অভিযুক্তক ৰক্ষণাবেক্ষণ আৰু আত্মগোপন কৰাৰ সুযোগ কৰি দিয়াৰ অপৰাধত ৫ জনক জে'ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। জেচমিনা চুলতানা, আয়েশা ছিদ্দিকা, ৰিজুৱান আহমেদ, গুলজাৰ হুছেইন আৰু জাকিৰ আলীক জে'ল হাজোতলৈ প্ৰেৰণ কৰা হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।