ষ্টান্ট বাইকিঙত জড়িতসকল সাৱধান! কাৰণ ষ্টান্ট বাইকিঙত জড়িতসকলৰ ওপৰত এতিয়াৰে পৰা তীক্ষ্ণ নজৰ ৰাখিব অসম আৰক্ষীয়ে। ছচিয়েল মিডিয়াযোগে এই কথাৰ ইংগিত দিলে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে। নিয়মীয়াকৈ ষ্টান্ট বাইকিঙত লিপ্ত যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেচেজ কৰিবলৈ ৰাইজক আৰক্ষী বিষয়াগৰাকীয়ে আহ্বান জনাইছে।
ইয়াৰোপৰি চছিয়েল মিডিয়া প্লেটফৰ্মত এনে প্ৰদৰ্শন অসম আৰক্ষীৰ দৃষ্টিগোচৰ কৰিবলৈও জি পি সিঙে অনুৰোধ কৰে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ বিলাসীপাৰাত সংঘটিত এক ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। ৪ উদণ্ড যুৱকৰ এক ভিডিঅ'ই চছিয়েল মিডিয়া তোলপাৰ লগাইছিল। যুৱক কেইজনে এগৰাকী বৃদ্ধাক বাইকেৰে খুন্দিয়াই নিজৰ পৈশাচিক তৃপ্তি জাহিৰ কৰিছিল। আনকি ১০ মিনিটত আৰক্ষীৰ কৱলৰ পৰা ওলাই অহা বুলি কৰা দাবী কৰি ছ’চিয়েল মিডিয়াত নিজৰ শক্তি দেখুৱাৰ প্ৰয়াস কৰিছিল। এই ভিডিঅ’ ভাইৰেল হেৱাৰ পাছতেই আৰক্ষীকো সমালোচনা কৰিছিল বিভিন্নজনে। ইতিমধ্যে উক্ত ঘটনাত জড়িত ২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ইফালে, ষ্টান্ট বাইকিঙত জড়িতসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। জানিব পৰা মতে, চাবুৱা আৰক্ষী থানাই ৩ জন ষ্টান্ট বাইকাৰক আটক কৰাৰ লগতে ২ খন স্পৰ্টছ বাইক জব্দ কৰিছে। লগতে ৰাজহুৱা পথত ষ্টাণ্ট নকৰিবলৈ সকলোকে সকীয়াই দিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 16, 2022, 10:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।