তিনিচুকীয়া চহৰত হাতে হাতে দা–তৰোৱাল লৈ এদল যুৱক, পিছে পিছে আৰক্ষী

News18 Assam | News18-Assam
Updated:October 27, 2020, 8:47 AM IST
তিনিচুকীয়া চহৰত হাতে হাতে দা–তৰোৱাল লৈ এদল যুৱক, পিছে পিছে আৰক্ষী
নিজকে বজৰং দলৰ বুলি চিনাকি দিয়া এইসকল যুৱকে চোকা অস্ত্ৰ লৈ ঘূৰি ফুৰিলে চহৰখনত।

নিজকে বজৰং দলৰ বুলি চিনাকি দিয়া এইসকল যুৱকে চোকা অস্ত্ৰ লৈ ঘূৰি ফুৰিলে চহৰখনত।

  • Share this:
সোমবাৰে দুৰ্গা পূজাৰ দশমীৰ দিনা প্ৰায় ৭০জনীয়া এটা যুৱকৰ দলে হাতে হাতে দা–তৰোৱাল লৈ মটৰ চাইকেলত তিনিচুকীয়াৰ পথত মুক্ত বিচৰণ কৰে। নিজকে বজৰং দলৰ বুলি চিনাকি দিয়া এইসকল যুৱকে চোকা অস্ত্ৰ লৈ ঘূৰি ফুৰিলে চহৰখনত। যাৰ বাবে দশমীৰ শোভাযাত্ৰা উপভোগ কৰিবলৈ অহা ৰাইজকো ভীতিগ্ৰস্ত হোৱা পৰিলক্ষিত হ’ল।

পুৱাৰে পৰা আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এই যুৱকৰ দলটোক আৰক্ষীৰ দলে হিজুগুৰি অঞ্চলত পথত আগভেটি ধৰি উত্তম–মাধ্যম দিয়াত যুৱকৰ দলটো পলাই পত্ৰং দিয়ে যদিও আৰক্ষীয়ে ৪জন যুৱকক আটক কৰাৰ লগতে ৩খন মটৰ চাইকেল জব্দ কৰে। উল্লেখযোগ্য যে নিজকে বজৰং দলৰ বুলি চিনাকী দিয়া এই যুৱকৰ দলটোৱে পুৱাৰে পৰা তিনিচুকীয়াৰ পথত চলাই আছিল তাণ্ডৱ।
Published by: Sanjay Kumar Das
First published: October 27, 2020, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading