உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উজনিমুৱা কামৰূপ এক্সপ্ৰেছত হঠাৎ লাগিল জুই ! চৌদিশে লাগিল হুৱা-দুৱা ...

    উজনিমুৱা কামৰূপ এক্সপ্ৰেছত হঠাৎ লাগিল জুই ! চৌদিশে লাগিল হুৱা-দুৱা ...

    উজনীমুৱা কামৰূপ এক্সপ্ৰেছত অঘটন। হাওৰা-ডিব্ৰুগড়ৰ মাজত চলাচল কৰা ৰেলত অগ্নিকাণ্ড। ৰেলৱে কৰ্মচাৰীয়ে তৎপৰতাৰে বিজনী ষ্টেচনত জৰুৰীভাৱে ৰেলখন ৰখাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

    • Share this:
    উজনিমুৱা কামৰূপ এক্সপ্ৰেছত অঘটন ৷ হাওৰাৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা ৰেলত হঠাৎ লাগিল জুই । দ্ৰুতগামী ৰেলখনত জুইৰ সুত্ৰপাত ঘটাত জৰুৰীভাৱে ৰেলখন বিজনী ষ্টেচনত ৰখাবলগীয়া হয় ৷ বিজনী ৰেলৱে ষ্টেচনত ৰখোৱা ৰেলখনৰ পিছতে ধোৱাই আৱৰি ধৰে ।

    37024 নম্বৰৰ এই ৰেলখন বিজনী ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত দবা এটাৰ পৰা  ধোৱা ওলাব ধৰে ৷ ইফালে চাৰিওফালে ধোৱাই আৱৰি ধৰাৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । অৱশ্যে ৰেলৱে কৰ্মচাৰীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱাৰ লগতে এক ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰে যাত্ৰী সকল। ৰেলখনৰ ব্ৰেকৰ পৰা এই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰেলৱে কৰ্মচাৰীয়ে। ৰেলখন প্ৰায় আধা ঘন্টাৰ অধিক সময় ৰখাৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰে ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: