আজি বিজয়া দশমী, মৰ্ত্যৰ পৰা বিদায় ল’ব দেৱী দুৰ্গাই

বিজয়া দশমী উপলক্ষে গুৱাহাটীত দেৱী বিসৰ্জনৰ বাবে সাজু কৰা হৈছে ৭টা ঘাট। প্ৰায় ৪৯০খন পূজাৰ দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব গুৱাহাটীত।

News18-Assam
Updated:October 8, 2019, 9:08 AM IST
আজি বিজয়া দশমী, মৰ্ত্যৰ পৰা বিদায় ল’ব দেৱী দুৰ্গাই
বিজয়া দশমী উপলক্ষে গুৱাহাটীত দেৱী বিসৰ্জনৰ বাবে সাজু কৰা হৈছে ৭টা ঘাট। প্ৰায় ৪৯০খন পূজাৰ দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব গুৱাহাটীত।
News18-Assam
Updated: October 8, 2019, 9:08 AM IST
আজি বিজয়া দশমী। মৰতৰ পৰা দেৱীৰ বিদায় পৰ্ব। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক দশমীত বিসৰ্জন দিয়া হ’ব। শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ ঘাটে ঘাটে বিসৰ্জন দিয়া হ’ব দেৱী প্ৰতিমা। ম্লান পৰিব দশভূজা বন্দনাৰে মুখৰিত পূজাস্থলীসমূহ। যথাবিহিত ক্ৰিয়া–কৰ্মাদিৰ পিছত পূজাৰ বেদী উকা কৰি বিদায় ল’ব দেৱী দুৰ্গাই।

এইবাৰ ঘোঁৰাত আগমণ ঘটা মা দুৰ্গাই ঘোঁৰাতে উঠি মৰ্ত্যৰ পৰা বিদায় মাগিব। কোটি কোটি ভক্তৰ হৃদয় উকা কৰি মা দুৰ্গাই বিদায় লোৱাৰ লগে লগেই অন্ত পৰিব ষষ্ঠীৰ পৰা ৰজনজনাই থকা উছৱমুখৰ পৰিৱেশৰ।

ইতিমধ্যে দেৱী বিসৰ্জনৰ বাবে সাজু কৰি তোলা হৈছে নদীৰ ঘাটসমূহ। দশমী বিহিত পূজাৰ অন্তত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক এবছৰৰ ব্যৱধানত পুনৰ আগমণৰ বাবে আহ্বান

জনাই আকুলচিত্তে বিদায় জনাব ভক্তগণে। বিজয়া দশমী উপলক্ষে আজি ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ৰাৱণ দাহন কাৰ্যসূচীৰ।

বিজয়া দশমী উপলক্ষে গুৱাহাটীত দেৱী বিসৰ্জনৰ বাবে সাজু কৰা হৈছে ৭টা ঘাট। প্ৰায় ৪৯০খন পূজাৰ দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব গুৱাহাটীত। দেৱী প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়াৰ বাবে সাজু মহানগৰ প্ৰশাসন। কাছমাৰী ঘাট আৰু পাণ্ডু প’ৰ্টত কৰা হৈছে বিশেষ ব্যৱস্থা৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি