মুখ্যপৃষ্ঠা »খবৰ »অসম »সমাগত ৰঙালী! ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে নলবাৰীতো ঠায়ে ঠায়ে চলিছে বিহু কৰ্মশালা

সমাগত ৰঙালী! ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে নলবাৰীতো ঠায়ে ঠায়ে চলিছে বিহু কৰ্মশালা

বিহুক বিশ্বমুখী কৰাৰ বাবে নলবাৰীৰ তিনি শতাধিক ঢুলীয়া-নাচনী একপ্ৰকাৰ সাজু হৈছে।

বিহুক বিশ্বমুখী কৰাৰ বাবে নলবাৰীৰ তিনি শতাধিক ঢুলীয়া-নাচনী একপ্ৰকাৰ সাজু হৈছে।

বিহুক বিশ্বমুখী কৰাৰ বাবে নলবাৰীৰ তিনি শতাধিক ঢুলীয়া-নাচনী একপ্ৰকাৰ সাজু হৈছে।

  • Share this:
অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুক আদৰিবলৈ অসমৰ অন্য ঠাইসমূহৰ দৰেই নলবাৰীতো ঠায়ে ঠায়ে বিহু কৰ্মশালাৰ আয়োজন চলিছে। বিহুক বিশ্বমুখী কৰাৰ বাবে নলবাৰীৰ তিনি শতাধিক ঢুলীয়া-নাচনী একপ্ৰকাৰ সাজু হৈছে। “হেপাঁহ” সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নলবাৰী জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত সপ্তাহজোৰা বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালাৰ সফল সামৰণি হয়। উক্ত কৰ্মশালাত জিলাখনৰ ভিন্ন প্ৰান্তৰ কেইবা শতাধিক নাচনী আৰু ঢুলীয়াই অংশ লয় ৷ কণ কণ শিশুৰ পৰা বিহুৱা ডেকা–গাভৰুলৈ সকলো যেন মতলীয়া হৈ পৰে বিহু কৰ্মশালাটোত ৷

উল্লেখযোগ্য যে, বিহু কুৱৰী কংকনা কোঁৱৰৰ লগতে কেইবাগৰাকীও প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে ঢুলীয়া–নাচনীসকলক। বিহুৱা ধনজিৎ দত্তৰ নেতৃত্বত হেপাঁহ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত  বিগত বছৰসমূহৰ দৰে এইবেলিও সপ্তাহজোৰাকৈ  চতুৰ্দশ বাৰ্ষিক কৰ্মশালা অনুষ্ঠিত হৈছিল। আনহাতে, ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা বিহুক বিশ্বমুখী কৰাৰ যি প্ৰচেষ্টা তাতে নলবাৰী জিলা তিনি শতাধিক নাচনী আৰু ঢুলীয়াই ভাগ ল’ব ৷ সেয়ে উক্ত কৰ্মশালাতো ঢুলীয়া - নাচনীৰ পূৰ্ণ প্ৰস্তুতি চলিছে ৷ উক্ত কৰ্মশালাৰ পৰা কেইবাগৰাকীও  ঢুলীয়া নাচনীয়ে অংশগ্ৰহণ কৰিব সৰুসজাইত অনুষ্ঠিত হ’ব লগা ১১ হেজৰ ঢুলীয়া নাচনীৰ গিনিজ বুক অফ ৱল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’বলগীয়া বিহু নাচ অনুষ্ঠানত।

শেহতীয়া বাতৰি