মুখ্যপৃষ্ঠা »খবৰ »অসম »Bihu workshop: নাচনীৰ গিৰিপনিত টিহু ওখল-মাখল

Bihu workshop: নাচনীৰ গিৰিপনিত টিহু ওখল-মাখল

টিহুত বিহু কৰ্মশালাত ব্যস্ত নাচনী

টিহুত বিহু কৰ্মশালাত ব্যস্ত নাচনী

বিহু নাচৰ কৰ্মশালাত বৃহত্তৰ টিহু অঞ্চলৰ ১০০ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

  • Share this:
নলবাৰী, ২ এপ্ৰিল: নলবাৰী জিলাৰ টিহুত ৬৪ সংখ্যক টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু ৰাংঢালী বিহুৱা দল টিহুৰ সহযোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে ১০ দিনীয়া বিহু নাচৰ কৰ্মশালা ৷ কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৬৪ সংখ্যক টিহু কেন্দ্রীয় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি নাউধন মজুমদাৰে।

উদ্বোধনী অনুষ্ঠানত টিহুৰ সমাজ জীৱনৰ সৈতে জড়িত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিহু নাচৰ কৰ্মশালাত বৃহত্তৰ টিহু অঞ্চলৰ ১০০ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ঢোল-পেঁপাৰ মাতৰ মাজেৰে এক উখল-মাখল পৰিৱেশত টিহু হাইস্কুল খেলপথাৰৰ বিহুতলীত আৰম্ভ হোৱা কৰ্মশালাখন ১০ এপ্রিললৈকে চলিব।

কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ডিম্পামণি পাঠক আৰু সহঃ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব নৱ কলিতা, লক্ষেশ্বৰ বৈশ্য আৰু বনজিত হালৈ।

শেহতীয়া বাতৰি