'বিহু' নতুন বিষয় হিচাপে অন্তৰ্ভুক্ত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত

সাত বিহু সাদিনতে শেষ কৰিবলৈ গ্ৰন্থৰ জৰিয়তে আহ্বান জনোৱা হ’ব। বহুকেইগৰাকী বিহু বিশেষজ্ঞৰ সৈতে শিক্ষা সংসদৰ কৰ্মশালাত সিদ্ধান্ত

news18assam
Updated:May 10, 2019, 5:00 PM IST
'বিহু' নতুন বিষয় হিচাপে অন্তৰ্ভুক্ত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত
সাত বিহু সাদিনতে শেষ কৰিবলৈ গ্ৰন্থৰ জৰিয়তে আহ্বান জনোৱা হ’ব। বহুকেইগৰাকী বিহু বিশেষজ্ঞৰ সৈতে শিক্ষা সংসদৰ কৰ্মশালাত সিদ্ধান্ত
news18assam
Updated: May 10, 2019, 5:00 PM IST
বিহুৰ ঐতিহ্য  ধৰি ৰাখিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ব্যতিক্ৰমী পদক্ষেপ। প্ৰথমবাৰৰ বাবে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বিহুৰ ওপৰত নতুন বিষয়। অহা বৰ্ষৰ পৰা ঐচ্ছিক বিষয় বিষয়ে উচ্চতৰ মাধ্যমিকৰ  শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পাৰিব অসমৰ বিহু। এই বিষয়ত থাকিব ১০০ নম্বৰৰ প্ৰশ্ন । আজি শিক্ষা সংসদত ভিন্ন প্ৰান্তৰ পৰা অহা বিহুৰ গৱেষকৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ অন্তত এই সিদ্ধান্ত লয় শিক্ষা সংসদে। উল্লেখযোগ্য যে অসমৰ বিহু সাত দিনৰ ভিতৰত শেষ কৰিব লাগিব বুলি সাত বিহু উদযাপন সমিতিয়ে পৰামৰ্শ দিছে শিক্ষা সংসদক।এই পৰামৰ্শৰ ভিত্তিতে গ্ৰন্থৰ মাধ্যমেৰে সাত দিনতে বিহু শেষ কৰিবলৈ আহ্বান জনাব শিক্ষা সংসদে।

ইফালে অহা ২২ মে’ৰ আগত প্ৰকাশ পাব অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।
নিৰ্বাচনৰ বাবে ফলাফল প্ৰকাশত বিলম্ব হোৱাৰ কথা স্বীকাৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি