গৌৰৱোজ্জ্বল ৫১ বছৰ গৰকা এটা বিহুৱা দলে সোণালী জয়ন্তী বৰ্ষ পাতিব নোৱাৰি বাৰী চুকতে মাৰিলে বিহু

অশান্ত হৈ থকা মনটো শান্ত কৰিবলৈকে ৰাইজৰ অতি মৰমৰ ৰূপজ্যোতি বিহুৱা দলৰ গুৰি ধৰোতা হিৰেন নাথৰ ঘৰৰ বাৰী চুকতেই এপাক বিহু নাচিলে বিহুৱা–বিহুৱতীয়ে৷
অশান্ত হৈ থকা মনটো শান্ত কৰিবলৈকে ৰাইজৰ অতি মৰমৰ ৰূপজ্যোতি বিহুৱা দলৰ গুৰি ধৰোতা হিৰেন নাথৰ ঘৰৰ বাৰী চুকতেই এপাক বিহু নাচিলে বিহুৱা–বিহুৱতীয়ে৷
- News18 Assam
- Last Updated: April 18, 2020, 12:46 AM IST
অসমত বহু বিহুৱা দল জন্ম হ'ল৷ বহু বিহুৱা দল ভাঙিও থাকিল৷ কিন্তু বিগত ৫০ বছৰে নিৰৱচ্চিন্নভাৱে বিহু বাকৰিত বিহু নাচি, ভাৰতৰ বিভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শন কৰি অসমৰ নাম উজ্জ্বল কৰা তথা সোণালী জয়ন্তী বৰ্ষ গৰকা একমাত্ৰ বিহুৱাদল, ঢেকীয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দলৰ এইবেলি বিহু মৰা ন'হল লকডাউনৰ বাবে। বিহু বাকৰিত বিহু নাচিবলৈ অসমৰ বচা বচা বিহুৱা বিহুৱতী আখৰাৰ বাবে আহি ঢেকীয়াজুলিতে আবদ্ধ হৈ পৰিল লকডাউনৰ ঘোষণাৰ লগে লগে৷ সেয়ে বিহু নাচিবলৈ নাপায় অশান্ত হৈ থকা মনটো শান্ত কৰিবলৈকে ৰাইজৰ অতি মৰমৰ ৰূপজ্যোতি বিহুৱা দলৰ গুৰি ধৰোতা হিৰেন নাথৰ ঘৰৰ বাৰী চুকতেই এপাক বিহু নাচিলে বিহুৱা–বিহুৱতীয়ে৷
সামাজিক ব্যৱধান ৰাখি বিহু নচা এইসকল বিহুবলীয়া অসমীয়াৰ বিহু নাচ এইবেলি ৰাইজে বিহু বাকৰিত চাবলৈ নাপালেওঁ কিন্তু গৃহবন্দী হৈ থকা প্ৰতিজন অসমীয়াৰ গৃহতে অনুষ্টুপীয়াকৈ পালন কৰিলে ৰঙালি বিহু৷ কাৰণ কৰোণা ভাইৰাছৰ আতংকতকৈয়ো পূৰ্বৰ দৰে বিহু উদযাপন কৰিব নোৱাৰাৰ বেদনা, বিহুৱা দলৰ বিহু উপভোগ কৰিব নোৱাৰাৰ বেদনা অসম-অসমবাসীৰ বাবে অতি কষ্টকৰ৷
‘সাংস্কৃতিক পথাৰখনত ৰূপজ্যোতি বিহুৱা দলে গৌৰৱোজ্জ্বল ৫১টা বছৰ গৰকিলে৷ আমাৰ দুখ–বেদনা থাকি গ’ল সোণালী জয়ন্তী বৰ্ষ আমি পালন কৰিব নোৱাৰিলো৷ চৰকাৰৰ নীতি–নিৰ্দেশনা মানি এতিয়া আমি ঘৰতে আছো আৰু কোৰোণাৰ যুদ্ধত নমা প্ৰতিজন সেনানীলৈ আমি যাচিলো শ্ৰদ্ধা’ – ক’লে বিহুৱা দলটোৰ দলপতি হিৰেন নাথে৷