লখিমপুৰৰ নীলমৰ শিৰত ‘বিহু সম্ৰাজ্ঞী ২০১৯’

ঐতিহ্যমণ্ডিত লতাশিল বিহুৰ ২০১৯ বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Sanjay Kumar Das | news18assam
Updated:April 18, 2019, 2:17 PM IST
লখিমপুৰৰ নীলমৰ শিৰত ‘বিহু সম্ৰাজ্ঞী ২০১৯’
ঐতিহ্যমণ্ডিত লতাশিল বিহুৰ ২০১৯ বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
Sanjay Kumar Das | news18assam
Updated: April 18, 2019, 2:17 PM IST
ঐতিহ্যমণ্ডিত লতাশিল বিহুৰ ২০১৯ বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। মুঠ ১২ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় লখিমপুৰৰ নীলম দোলাকাষৰীয়াই। সেইসূত্ৰে নীলমে লাভ কৰে নেমকেয়াৰ হাস্পতালৰ চাকৰিৰ লগতে নগদ এক লাখ টকা। তদুপৰি উপহাৰ হিচাপে লাভ কৰে ১০ গ্ৰাম সোণ, ৰেফ্ৰিজাৰেটৰ, টিভি, ৱাশ্বিং মেচিনসহ বহু আকৰ্ষণীয় পুৰস্কাৰ।

আনহাতে, এই প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ নিহাৰিকা শইকীয়াই লাভ কৰে বিহুৰাণীৰ খিতাপ। নিহাৰিকাই লাভ কৰে নগদ ৫১ হাজাৰ টকা, ট্ৰফী আৰু ৫ গ্ৰামৰ সোণৰ মুদ্ৰা। বিহু কুঁৱৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড়ৰ নিবেদিতা বৰাই। নিবেদিতাই লাভ কৰে নগদ ৩১ হাজাৰ টকা, ট্ৰফীসহ পাঁচ গ্ৰামৰ সোণৰ মুদ্ৰা। আনহাতে, প্ৰতিযোগিতাত শ্রেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে দেৱজিত তামুলীয়ে। শ্রেষ্ঠ পেঁপাবাদকৰ খিতাপ লাভ কৰে ধ্ৰুৱজ্যোতি গগৈয়ে।

ইফালে, পুনৰ বিতর্কৰ মাজত সোমাই পৰিছে লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী। বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰকৰ সিদ্ধান্তৰ বিৰোধিতা ১১ গৰাকী প্ৰতিযোগীৰ। বঁটা প্ৰদান কৰি থকাৰ সময়তে মুর্দাবাদ ধ্বনি দিয়ে প্ৰতিযোগীসকলে। বিচাৰকে ভুলকৈ ফলাফল ঘোষণা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিযোগীসকলে। লতাশিল বিহু সন্মিলনী বৰ্জন কৰাৰো হুংকাৰ দিয়ে বিহু দলে। পুনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাৰ দাবী জনায় অভিযোগকাৰী প্ৰতিযোগীসকলে। বিজয়ী দলে যোজনা, তাল ভুল কৰাৰ অভিযোগ তোলে প্ৰতিযোগীসকলে।

লতাশিলৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী, বিহু কুঁৱৰী :
আৰু চাওক পৰৱৰ্তী বাতৰি