সমাগত ব'হাগ বিহু। ক'ভিড প্ৰট'কল নথকাকৈ এইবাৰ বিহু পাতিবলৈ সাজু হৈছে বিহু সমিতিসমূহ। কিন্তু বিহুৰ পূৰ্বে ৩৪ খন বিহু সমিতিৰ তালিকা লৈ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছে বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতি । ১০ বছৰ সম্পূৰ্ণ কৰা বিহু সমিতিক মুখ্যমন্ত্ৰীয়ে (Chief Minister Himanta Biswa Sarma) ডেৰ লাখ টকাকৈ সাহায্য ঘোষণা কৰাৰ পিছতে তৎপৰ হৈছে বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতি (Greater Guwahati Bihu Coordination Committee)।
৩৪ খন বিহু সমিতিৰ তালিকা লৈ মহানগৰ জিলা উপায়ুক্তক সাক্ষাৎ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ। উপায়ুক্তক প্ৰদান কৰিলে ১০ বছৰতকৈ অধিক পুৰণি বিহু সমিতিৰ নামৰ তালিকা।
বৃহত্তৰ গুৱাহাটী বিহু সমিতিসমূহলৈ সমন্বয়ৰক্ষী সমিতিৰ আহ্বান সাত বিহুৰ ভিতৰতে পাতক বিহু (Bohag Bihu)। ব'হাগ মাহতে শেষ কৰক বিহুৰ অনুষ্ঠান। বিগত দুটা বছৰ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিহু সুকলমে অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। এইবাৰেই যিহেতু ক'ভিড প্ৰট'কল নাই, সেয়ে দুগুণ উৎসাহেৰে বিহু উদযাপন কৰিবলৈ সাজু হৈছে বিহু সমিতিসমূহ। উল্লেখ্য যে বিহুৰ নামত চলি থকা চান্দা সংস্কৃতি নাইকিয়া কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছিল এই পদক্ষেপ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|