আৰক্ষী বিষয়াজনে যুৱক দুজনক আদালতত হাজিৰ কৰাৰ পৰিৱৰ্তে থানাতে আৱদ্ধ কৰি থোৱাক লৈ ক্ষুন্ন হৈ পৰে বিধায়ক ভূঞা।
আৰক্ষী বিষয়াজনে যুৱক দুজনক আদালতত হাজিৰ কৰাৰ পৰিৱৰ্তে থানাতে আৱদ্ধ কৰি থোৱাক লৈ ক্ষুন্ন হৈ পৰে বিধায়ক ভূঞা।
'বিহপুৰীয়াত পুলিচগিৰী নচলাব। আপোনাৰ কাৰণে মোৰ কি মান-সন্মান নাথাকিব নেকি? মই এতিয়ালৈকে চিএমক কোৱা নাই। আপুনি পুলিচগিৰী নকৰিব। আপুনি পুলিচ-পাব্লিক চলাওক। মোৰ ৬০ হাজাৰ ভোটাৰে পিটিকা বনাই দিব আপোনাক।'-এনেদৰে নাৰায়ণপুৰ আৰক্ষী চকীৰ অ'চি পুষ্পকমল বৰাক ফোনযোগে ধমক দিলে বিহপুুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই।
ঘটনাৰ সন্দৰ্ভত আৰক্ষী বিষয়াজনে জনোৱা মতে, 'শুকুৰবাৰে পুৱা ৩.৩০ মান বজাত একাংশ যুৱকে মাধৱদেৱ কলাক্ষেত্ৰত উপদ্ৰৱ কৰিছিল। নিৰ্মীয়য়মান কলাক্ষেত্ৰত যুৱকৰ দলটোৱে উপদ্ৰৱ চলোৱা পিছত পুৱা ১০ মান বজাত প্ৰজেক্ট অফিচাৰ দেৱাশীষ চক্ৰৱৰ্তীয়ে এখন এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিলৰ পিছতে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰো। আৰু ঘটনাৰ সন্দৰ্ভত ২ জন ল'ৰাক থানালৈ লৈ আনো। আৰু ল'ৰা দুজনক থানালৈ অনাৰ পিছতে হৰেণ দেউৰী নামৰ এজন লোকৰ ফোনৰ পৰা বিধায়কে মোলৈ ফোন কৰে। সেইদৰে আগদিনা নিশা সুৰাপান কৰি মটৰ চাইকেল চলোৱা এজন যুৱকৰো মটৰ চাইকেলখন থানাত ৰাখি থোৱা হৈছিল। আৰু দুয়োটা ঘটনাৰে আলম লৈ বিধায়কে ফোন যোগে অভিযাগ কৰে যে, আমি বিনা কাৰণত মানুহ থানালৈ আনো, মাৰপিট কৰো। আৰু তাৰ পিছতে এনেদৰে মোক ধমক দিয়ে। ৬০ হাজাৰ মানুহে মোক পিটিকা বনাব। আৰু ঘটনাৰ সন্দৰ্ভত মই আৰক্ষী অধীক্ষকক জনাইছো।'
উল্লেখ্য যে, মাধৱদেৱ কলাক্ষেত্ৰত উৰুকাৰ সন্ধিয়া এখন JCBলৈ শিল দলিওৱাৰ সন্দেহত দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছিল ৷ কিন্তু ৰহস্যজনক ভাবে আৰক্ষী বিষয়াজনে যুৱক দুজনক আদালতত হাজিৰ কৰাৰ পৰিৱৰ্তে থানাতে আৱদ্ধ কৰি থোৱাক লৈ ক্ষুন্ন হৈ পৰে বিধায়ক ভূঞা। নাৰায়ণপুৰ আৰক্ষী থানাৰ OC ক ফোন কৰি "পুলিচগিৰি নেদেখুৱাব" বুলি ভাবুকি বিজেপি বিধায়কৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|