লখিমপুৰৰ বিহপুৰীয়াত গুলীচালনাৰ ঘটনা! অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী, লুটিলে ২.৫ লক্ষাধিক টকা
আনকি অন্য এজন পথচাৰীৰ পৰা পৰা লুটি লৈ গ'ল ২,৫২,৭৫০ টকা।
আনকি অন্য এজন পথচাৰীৰ পৰা পৰা লুটি লৈ গ'ল ২,৫২,৭৫০ টকা।
- News18 Assam
- Last Updated: April 26, 2021, 9:36 PM IST
ঘটনাৰ সম্পৰ্কে জানিব পৰা মতে, বিহপুৰীয়া নগৰৰ ৭ নম্বৰ ৱাৰ্ডৰ নিবাসী গৌৰাংগ ৰায় নামৰ লোকজন নিজ ঘৰলৈ গৈ থকাৰ সময়ত পূৰ্বৰে পৰা সেই ঠাইত ৰৈ থকা দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই গৌৰাংগ ৰায়ৰ হাতত থকা টকা ভৰ্তি বেগটো টনা-আঁজোৰা কৰে। সহায় বিচাৰি লোকজনে চিঞৰ বাখৰ কৰাত একে পথেৰে আহি থকা ৰিজু দাস নামৰ লোকজনে যুৱক দুজনক বাধা দিয়াৰ চেষ্টা কৰোতেই ৰিজু দাসক পিষ্টলেৰে গুলীয়াই টকা ভৰ্তি বেগলৈ উধাও হয় দুই দুৰ্বৃত্ত ৷
ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে গৌৰাংগ ৰায়। আনহাতে দুৰ্বৃত্তৰ গুলীত আহত হোৱা ৰাজু দাস বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে।












