সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বিজেপি চৰকাৰৰ দিনটো সংঘটিত হৈছে কেলেংকাৰী

ইতিমধ্যে সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিআইডিয়ে৷
ইতিমধ্যে সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিআইডিয়ে৷
- News18 Assam
- Last Updated: August 28, 2020, 5:53 PM IST
ইতিমধ্যে সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিআইডিয়ে৷ দুজনকৈ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ কৰ্মচাৰীৰ চিআইডিয়ে সোধা–পোছাৰ কাৰণে তলব কৰিছে৷ আনহাতে, চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে কেলেংকাৰীত জড়িত নগাঁৱৰ দুজনকৈ লোকক৷ এই সমগ্ৰ কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনটো সংঘটিত হৈছিল আৰু বৰ্তমান বিজেপি চৰকাৰৰ দিনটো সংঘটিত হৈ আছে৷
কংগ্ৰেছ, এআইউডিএফ কৰ্মীৰ লগতে কেলেংকাৰীত জড়িত আছে বিজেপিৰো কৰ্মী৷ বিশেষকৈ, ৰূপহী, চামগুৰি, বকো সমষ্টিত সংঘটিত হৈছে ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰী৷ কোভিড–১৯ৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পৰা বৃদ্ধি পাইছে অনিয়ম৷ এই সময়ছৱাত ২১১ কোটি ৬৫ লাখ ৯২ হাজাৰ টকাৰ অনিয়ম সংঘটিত হৈছে৷ অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধক্ষ্য মমিনুল আৱালে সমগ্ৰ কেলেংকাৰীক লৈ সংবাদমেলযোগে পোহৰলৈ আনিছে বহু বিস্ফোৰক তথ্য৷ চিআইডিয়ে আৰম্ভ কৰা তদন্তত পোহৰলৈ আহিব ৰাজ্যত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ ধন আত্মসাৎ কৰা দালালৰ সকলো তথ্য৷