মুখ্যপৃষ্ঠা » খবৰ

» অসম

»নাহৰকটীয়াত কংগ্ৰেছ দলত খহনীয়া, দল ত্যাগ কৰি বিজেপিত যোগদান জিলা পৰ্যায়ৰ নেতাৰ

নাহৰকটীয়াত কংগ্ৰেছ দলত খহনীয়া, দল ত্যাগ কৰি বিজেপিত যোগদান জিলা পৰ্যায়ৰ নেতাৰ

News18 Assam | News18-Assam
Updated:September 10, 2021, 11:23 AM IST
নাহৰকটীয়াত কংগ্ৰেছ দলত খহনীয়া, দল ত্যাগ কৰি বিজেপিত যোগদান জিলা পৰ্যায়ৰ নেতাৰ
বিজেপি দলত যোগদান কৰে নাহৰকটীয়া ব্লক কংগ্ৰেছৰ লগতে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ কেইবাগৰাকীও জেষ্ঠ কৰ্মীয়ে।

বিজেপি দলত যোগদান কৰে নাহৰকটীয়া ব্লক কংগ্ৰেছৰ লগতে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ কেইবাগৰাকীও জেষ্ঠ কৰ্মীয়ে।

  • News18 Assam
  • Last Updated: September 10, 2021, 11:23 AM IST
  • Share this:
নাহৰকটীয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলত মোক্ষম আঘাত হানি বিজেপি দলত যোগদান কৰে নাহৰকটীয়া ব্লক কংগ্ৰেছৰ লগতে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ কেইবাগৰাকীও জেষ্ঠ কৰ্মীয়ে। নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত নাহৰকটীয়া মণ্ডল বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত ডিব্ৰুগড় জিলা মহিলা কংগ্ৰেছৰ উপ–সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকনৰ অতিকৈ ঘনিষ্ঠ জুনমণি গগৈ, ডিব্ৰুগড় যুৱ কংগ্ৰেছৰ সম্পাদিকা অপৰাজিতা দাস, জয়পুৰ ব্লক কংগ্ৰেছৰ সম্পাদক পৰশমণি হাজৰিকাৰ লগতে কংগ্ৰেছ দলৰ ভালেসংখ্যক দলীয় কৰ্মীয়ে গেৰুৱা বসন পৰিধান কৰে।

একেদৰে প্ৰাক্তন বিধায়ক নৰেন সোণোৱালৰ কাৰ্যালয়ৰ সম্পাদক গহীন চুতীয়া, অসম গণ পৰিষদৰ জয়পুৰ শাখাৰ সভাপতি মৃদুল বৰুৱা, অগপৰ জয়পুৰ শাখাৰ সদস্য লক্ষ্যজিৎ বৰফুকনেও বিজেপি দলৰ নীতি–আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান কৰে।

ইয়াৰ উপৰিও জয়পুৰ শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ–সভাপতি কৌশিক আহমেদ  আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ক্ষীৰোদ বড়াসহ নাহৰকটীয়া সমষ্টিৰ প্ৰায় ডেৰশ পুৰুষ–মহিলাই বিজেপি দলত যোগদান কৰে।

এই যোগদান কাৰ্যসুচিত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া, জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতাকে প্ৰমুখ্য কৰি দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ কৰ্মী উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: September 10, 2021, 11:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি