অসমৰ ৫ সমষ্টিত ভোটযুদ্ধ, কাৰ কাৰ মাজত মূল যুঁজ?

অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত আছে। নগাঁও, মঙলদৈ, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু সমষ্টিত মূল যুঁজ কাৰ মাজত?

news18assam
Updated:April 18, 2019, 9:59 AM IST
অসমৰ ৫ সমষ্টিত ভোটযুদ্ধ, কাৰ কাৰ মাজত মূল যুঁজ?
অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত আছে। নগাঁও, মঙলদৈ, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু সমষ্টিত মূল যুঁজ কাৰ মাজত?
news18assam
Updated: April 18, 2019, 9:59 AM IST
অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত আছে। নগাঁও, মঙলদৈ, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

নগাঁও সমষ্টি : নগাঁও সংসদীয় সমষ্টিত মূল যুঁজ হ’ব বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মাজত। ৰাজেন গোহাঁইৰ টিকট কৰ্তন কৰি বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰূপক শৰ্মাক। ২০১৬ চনত নগাঁৱৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল শৰ্মা। আনহাতে, সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰদ্যুৎ বৰদলৈক। ১৯৯৮ চনৰ পৰা ২০১৬ চনলৈ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক আছিল বৰদলৈ। ২০০১ চনৰ পৰা ২০১৫ চনলৈ ৰাজ্যিক গৃহ মন্ত্ৰী, বন আৰু পৰ্যটন, শক্তি, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী আছিল প্ৰদ্যুৎ বৰদলৈ।

মঙলদৈ সমষ্টি : মঙলদৈ সমষ্টিত মূল যুঁজ হ’ব ভুবনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াৰ মাজত। সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দিলীপ শইকীয়াক। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত নলবাৰী সমষ্টিত পৰাস্ত হৈছিল শইকীয়া। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক আৰু বিজেপি যুৱ মৰ্চাৰ সভাপতি শইকীয়া। আনহাতে, মঙলদৈৰ কংগ্ৰেছ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতা ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হৈছিল কলিতা। তাৰ পিছত ২০০১ চনৰ পৰা ২০০৬ চনলৈ ৰঙিয়াৰ বিধায়কৰূপে নিৰ্বাচিত হয়। ২০০২ চনৰ পৰা ২০০৪ চনলৈ তৰুণ গগৈ চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী আছিল কলিতা। ২০০৮ চনৰ পৰা বৰ্তমানলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে দায়িত্ব পালন কৰি আছে কলিতাই। আনহাতে, ২০০৪ চনৰ পৰা ২০১৪ চনলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বতো আছিল কলিতা।

শিলচৰ সমষ্টি :
শিলচৰ সংসদীয় সমষ্টিত কংগ্ৰেছে সুস্মিতা দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে ৰাজদ্বীপ ৰয়ক। এই দুইগৰাকী প্ৰাৰ্থীৰ মাজতে সমষ্টিত হ’ব মূল যুঁজ। ২০১১ চনত বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল সুস্মিতা দেৱ। ২০১৪ চনৰ পৰা শিলচৰৰ সাংসদৰূপে নিৰ্বাচিত হয়। নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভাপতি পদতো আছে প্ৰাক্তন সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী সন্তোষমোহন দেৱৰ কন্যা সুস্মিতা দেৱ। আনহাতে, সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত সুস্মিতা দেৱৰ সৈতে পৰাজয়বৰণ কৰিছিল ৰয়ে। শিলচৰৰ দুবাৰৰ বিধায়ক বিমলাংশু ৰয়ৰ পুত্ৰ ৰাজদ্বীপ ৰয়।

কৰিমগঞ্জ সমষ্টি :
কৰিমগঞ্জ সমষ্টিত এইবাৰ হ’ব তিনিকোণীয়া যুঁজ। কৰিমগঞ্জ সমষ্টিত বিজেপি প্ৰাৰ্থী হ’ল কৃপানাথ মাল্লা। ২০০৬, ২০১১ আৰু ২০১৬ চনত ৰাতাবাৰী সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হয় মাল্লা। ২০০৬ আৰু ২০১১ চনত কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বিজেপিত যোগদান কৰে। ২০১৬ চনত বিজেপি দলৰ পৰা নিৰ্বাচিত হয় বিধায়কৰূপে। ইফালে, সমষ্টিটোত শক্তিশালী প্ৰাৰ্থী প্ৰদান কৰিছে AIUDF দলেও। ২০১৪ চনত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰাধেশ্যাম বিশ্বাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে। আনহাতে, কংগ্ৰেছ দলে স্বৰূপ দাসক টিকট প্ৰদান কৰিছে কৰিমগঞ্জ সমষ্টিত। প্ৰথমবাৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে স্বৰূপ দাসে। হাইলাকান্দি জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিল স্বৰূপ দাস। কৰিমগঞ্জ সমষ্টিৰ তিনিকোণীয়া যুঁজখন হ’৸ব লক্ষ্যণীয়।

ডিফু সমষ্টি :
ডিফু সমষ্টিত বিজেপিয়ে হৰেণ ছিং বে’ক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে বীৰেন ছিং ইংতিক। হৰেন ছিং বে’ অধুনালুপ্ত উগ্ৰপন্থী সংগঠন UPDSৰ শীৰ্ষ নেতা আছিল। আত্মসমৰ্পণৰ পিছত ২০১১ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল বে’ই। ২০১১ চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্দলীয় সদস্যৰূপে নিৰ্বাচিত হৈছিল হৰেণ ছিং বে’। আনহাতে, কংগ্ৰেছৰ বীৰেন ছিং ইংতি ৫ বাৰকৈ নিৰ্বাচিত হৈছে সংসদৰূপে। ১৯৭৭, ১৯৮৪, ২০০৪, ২০০৯ আৰু ২০১৪ৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বীৰেন ছিং ইংতি।
আৰু চাওক পৰৱৰ্তী বাতৰি