আজি ৰাজ্যৰ ৰাজনীতিলৈ আহিব মহা পৰিৱৰ্তন!

AJYCP বিজেপিক উৎখাতৰ লক্ষ্য লোৱা আঞ্চলিক শক্তিৰ মাজত দেখা দিয়া মনোমানিল্যক লৈ উৎফুল্লিত শাসক দল।
AJYCP বিজেপিক উৎখাতৰ লক্ষ্য লোৱা আঞ্চলিক শক্তিৰ মাজত দেখা দিয়া মনোমানিল্যক লৈ উৎফুল্লিত শাসক দল।
- News18 Assam
- Last Updated: September 11, 2020, 8:29 AM IST
কিন্তু প্ৰস্তাবিত বহু চৰ্চিত নতুন আঞ্চলিক শক্তিত থাকিব নে অখিল গগৈৰ দল? কাৰণ সোমবাৰে অখিল গগৈয়ে বিজেপিক উৎখাতৰ স্বাৰ্থত সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনোৱাৰ পিছতো আছু AJYCPয়ে লৈছিল কৌশলি স্থিতি ৷ আছু যুৱ ছাত্ৰ পৰিষদৰ এনে স্থিতিৰ বাবেই আৰু আঞ্চলিক শক্তি বহুধা বিভক্ত হোৱাৰ ছবিখন চকুৰ আগত দেখা পাই বৃস্পতিবাৰে পুনৰ অখিল গগৈৰ আহ্বান –একলগ হওক, নহলে ভয়ংকৰ বিপদ আহি আছে।
GMCHত স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহি অখিল গগৈয়ে আছু আৰু যুৱ ছাত্ৰ পৰিষদক সমালোচনা কৰি ক'লে "নিজৰ স্থিতি স্পষ্ট কৰক। অজুহাত এৰক। যদি বিজেপিক ৱাক অভাৰ দিব বিচাৰিছে তেতিয়া হ'লে ১০টা দল খোলক।"
AJYCP বিজেপিক উৎখাতৰ লক্ষ্য লোৱা আঞ্চলিক শক্তিৰ মাজত দেখা দিয়া মনোমানিল্যক লৈ উৎফুল্লিত শাসক দল। আঞ্চলিক শক্তিক তাচ্ছিল্য কৰি বিধায়ক ৰণোজ পেগুৱে ক'লে,"যদু মধুৱে পিচিঅ' খোলাৰ দৰে দল খুলিছে।" আচলতে বিধায়ক ৰণোজ পেগুৰ কথাক হয়টো কোনোৱে নুই কৰিব নোৱাৰিব। কাৰণ বিজেপিক উৎখাতৰ লক্ষ্য লোৱা আঞ্চলিক শক্তি বহুধা বিভক্ত। এক হোৱাৰ লক্ষ্য সুদূৰ পৰাহত। আজিৰ দিনত জাতীয়তাবাদৰ কথা কোৱা আছু, এজেৱাইছিপি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰেহৰূপ দেখি এনে ভাৱ হৈছে যে আঞ্চলিক শক্তি এক হোৱাটো অলীক কল্পনা।