• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Police : অধিক শক্তিশালী হ’ল অসম আৰক্ষী! NEPAত কঠোৰ প্ৰশিক্ষণ সমাপ্ত কৰি জনহিত–জনসেৱাৰ শপত ল’লে ৫৭৮ গৰাকী উপ–পৰিদৰ্শকে, নতুন SI সকললৈ কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে?

Assam Police : অধিক শক্তিশালী হ’ল অসম আৰক্ষী! NEPAত কঠোৰ প্ৰশিক্ষণ সমাপ্ত কৰি জনহিত–জনসেৱাৰ শপত ল’লে ৫৭৮ গৰাকী উপ–পৰিদৰ্শকে, নতুন SI সকললৈ কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে?

আজি অসম আৰক্ষীৰ মুঠ ৫৭৮ গৰাকী উপ-পৰিদৰ্শকৰ প্ৰশিক্ষণকাৰ্য সমাপন হয়। প্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ উপ–পৰিদৰ্শকৰ এটা দলক NEPAত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ২০২১চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল এই প্ৰশিক্ষণ।

আজি অসম আৰক্ষীৰ মুঠ ৫৭৮ গৰাকী উপ-পৰিদৰ্শকৰ প্ৰশিক্ষণকাৰ্য সমাপন হয়। প্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ উপ–পৰিদৰ্শকৰ এটা দলক NEPAত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ২০২১চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল এই প্ৰশিক্ষণ।

আজি অসম আৰক্ষীৰ মুঠ ৫৭৮ গৰাকী উপ-পৰিদৰ্শকৰ প্ৰশিক্ষণকাৰ্য সমাপন হয়। প্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ উপ–পৰিদৰ্শকৰ এটা দলক NEPAত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ২০২১চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল এই প্ৰশিক্ষণ।

  • Share this:
এতিয়াৰে পৰা অধিক শক্তিশালী হ’ল অসম আৰক্ষী। মেঘালয়ৰ নৰ্থ ইষ্টাৰ্ন পুলিচ একাডেমীৰ পৰা ওলাই আহিব ৫৭৮ গৰাকী সুশিক্ষিত, সুপ্ৰশিক্ষিত উপ–পৰিদৰ্শক। আজিৰে পৰা প্ৰশিক্ষণ সমাপ্ত কৰি ৰাজ্যৰ বিভিন্ন জিলাত নিয়োজিত হ’ব এইসকল উপ–পৰিদৰ্শক। এবছৰৰ কঠোৰ প্ৰশিক্ষণ সমাপ্ত কৰি জনহিত আৰু জনসেৱাৰ্থে কাম কৰাৰ শপত ল’লে এই উপ–পৰিদৰ্শকসকলে।

মেঘালয়ৰ বৰাপানীত আজি অনুষ্ঠিত হয় অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ দীক্ষান্ত সমাৰোহ। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, NEPAৰ সঞ্চালক আইপিএছ দীপক কুমাৰ, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙকে ধৰি বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে প্ৰশিক্ষণ সমাপ্ত কৰা উপ–পৰিদৰ্শকসকলৰ পিতৃ–মাতৃ, অভিভাৱক–আত্মীয়সকল।

আজি অসম আৰক্ষীৰ মুঠ ৫৭৮ গৰাকী উপ-পৰিদৰ্শকৰ প্ৰশিক্ষণকাৰ্য সমাপন হয়। প্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ উপ–পৰিদৰ্শকৰ এটা দলক NEPAত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ২০২১চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল এই প্ৰশিক্ষণ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, অসম আৰক্ষীক জনতাৰ সেৱাৰ বাবে অধিক সমৰ্পিত তথা অসমক অপৰাধমুক্ত ৰাজ্য হিচাপে গঢ়াত এইসকল উপ-পৰিদৰ্শকৰ অৰিহণা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। লগতে এই উপ–পৰিদৰ্শকসকল ভাৰতীয় সেনাৰ বিশেষ প্ৰশিক্ষণো প্ৰদান কৰা হৈছিল।

কেডেটৰ পাছিং আউট পেৰেড চাবলৈ অহা প্ৰতিগৰাকী কেডেটৰ অভিভাৱকক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, ইউনিফৰ্ম পৰিহিত প্ৰতিগৰাকী কেডেটৰ পাছিং আউট পেৰেড অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত।

‘‘কোভিডৰ মাজতো ইমান বেছি সংখ্যক কেডেটক প্ৰশিক্ষণ দিয়াটো অতি কঠিন কাম আছিল। এই প্ৰশিক্ষণ সুন্দৰকৈ হৈ গ'ল আৰু এই প্ৰশিক্ষণে পেছাদাৰী আৰু শাৰীৰিক দৃঢ়তাৰে যুৱ কেডেটসকলক প্ৰস্তুত কৰি তুলিছে। কোভিডৰ ফলত দেখা দিয়া প্ৰতিঘাতৰ মাজতো এই মৌলিক প্ৰশিক্ষণ সমাপন হৈছে। এই প্ৰশিক্ষণ নিয়াৰিকৈ সমাপন হোৱা বাবে DGPক ধন্যবাদ। নেপাৰ সঞ্চালক দীপক কুমাৰকো ধন্যবাদ।’’ – ভাষণত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, অপৰাধীক চিনাক্ত কৰাই আৰক্ষীৰ কাম নহয়, মানুহৰ মনো জয় কৰিব লাগিব আৰক্ষীয়ে। সাহস,ত্যাগ, সমৰ্পণৰ প্ৰতীক আৰক্ষী। আজিৰ দিনটোৰ পৰা আৰক্ষী বিষয়া হিচাপে পালন কৰিবলগীয়া দায়িত্বই সবাতোকৈ গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ বাবে।

‘‘চৰকাৰৰ দায়িত্ব লোৱা সময়তেই আমাৰ দায়িত্ব লক্ষ্য স্পষ্ট কৰি কৈছিলো। এই লক্ষ্যত উপনীত হ'বলৈ আমাক শান্তি–নিৰাপত্তাৰ মাজেৰে বিকাশৰ পথত নিজকে জড়িত কৰিব লাগিব। সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ লগতে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণৰ বাবে আহ্বান জনাইছিলো অসম আৰক্ষীক। অপৰাধী, মাফিয়া কেতিয়াও আৰক্ষীৰ বন্ধু হ'ব নোৱাৰে। আৰক্ষী সদায় ৰাইজৰ লগত সমাজৰ হকে থিয় হ'ব লাগিব।’’ – মন্তব্য মুখ্যমন্ত্ৰীৰ।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ১০ মাহত অসম আৰক্ষীয়ে নিৰৱচ্ছিন্নভাৱে অপৰাধীৰ বিৰুদ্ধে সফলতাৰে অভিযান চলাইছে। ৩০-৩৫% অপৰাধ আৰু অপৰাধীৰ প্ৰৱণতা বিগত কেইমাহত কমি গৈছে অসমত। অসম পুলিচৰ সাহসী সেনানীৰ মাজলৈ আপোনালোকক ভৰ্তি কৰিবলৈ মই আজি আহিছো নেপালৈ।

নতুন আৰক্ষী বিষয়াসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ পৰামৰ্শ, যেতিয়াই জ্যেষ্ঠজনক, দিব্যাংগজনক, দুখীয়াজনক লগ পাম, তেওঁলোকৰ প্ৰতি মৰমীয়াল হ'ব লাগিব। ভাৰতৰ মাটিত শান্তি–সম্প্ৰীতি প্ৰতিটো পল বিৰাজ কৰি থকাৰ বাবে আমি কাম কৰিব লাগিব।জনতাৰ ভয়ং আশংকাৰ প্ৰতি সংবেদনশীল হ'ব লাগিব। থানা বিলাকক এনে স্থানলৈ ৰূপান্তৰ কৰিম যে দূপৰ নিশা ২ বজাতো মহিলাই থানালৈ আহি এজাহাৰ দিব পাৰিব। এই উদ্যমেৰে আমি আগুৱাই যাব লাগিব।

‘‘সু-শাসনৰ বাবে বিচক্ষণ আৰক্ষীৰ প্ৰয়োজন। ইয়াৰ বাবে অপৰাধীৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ অত্যাধুনিক পদ্ধতিৰে ৭ খনকৈ নতুন ফৰেনছিক প্ৰতিষ্ঠান স্থাপন কৰিছো। অনাগত দিনত ১৬ হাজাৰ আৰক্ষীৰ জোৱানক প্ৰস্তুত কৰাৰ লক্ষ্য বান্ধি লৈছো। ৫টা পেছাদাৰী কামাণ্ডো বাহিনী আৰম্ভ কৰাৰ কথা ভাবি থকা হৈছে। দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক উচ্চমানৰ প্ৰতিষ্ঠানৰূপে গঢ়ি তোলাৰ সংকল্প লৈছো।’’ – ভাষণত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আশা কৰিছো এই একাডেমী পৰিসৰৰ পৰা এক দৃঢ় সংকল্পৰে আমি ওলাই যাম। যিদিনাই আজি পিন্ধা পেণ্টটো টান হ'ব,সেইদিনাই পুলিচ ৰিজাৰ্ভলৈ উভতি যাব আপোনালোক। আজিৰ দিনটোত আপোনালোকৰ যি ওজন আছে, সেয়া আপোনাৰ চাকৰিৰ শেষ দিনটোলৈ একে ৰাখিবলৈ চেষ্টা কৰক।

পোষ্টিঙৰ বাবে যাতে কাকোৱেই নকয়, শদিয়াৰ পৰা ধুবুৰীলৈ য'তেই পোষ্টিং হ'ব তাতেই সেৱা আগবঢ়াবলৈ সাজু থাকিব লাগিব বুলিও নতুন উপ–পৰিদৰ্শকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
Published by:Sanjay Kumar Das
First published: