হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ ওপৰত ডাঙৰ প্ৰত্যাহ্বান, কিদৰে হ’ব মুখামুখি?

হিমন্ত বিশ্ব শৰ্মাই কয় যে সমাজ আৰু ব্যক্তিৰ পৰা কোৰোণাৰ চেইন আমি ভাগিবলৈ সক্ষম হৈছো৷
হিমন্ত বিশ্ব শৰ্মাই কয় যে সমাজ আৰু ব্যক্তিৰ পৰা কোৰোণাৰ চেইন আমি ভাগিবলৈ সক্ষম হৈছো৷
- News18 Assam
- Last Updated: April 19, 2020, 9:39 AM IST
কোৰোণাৰ বিৰুদ্ধে এই যুঁজখনত দিন–ৰাতি একাকাৰ কৰি যুঁজ দিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংকটৰ এই সময়ত প্ৰতিটো মুহূৰ্ততে সক্ৰিয়তাৰে কাম কৰি গৈছে মন্ত্ৰীগৰাকীয়ে। প্ৰতিখন হাস্পতাল, প্ৰতিটো কোৱাৰেণ্টাইন চেণ্টাৰ তদাৰক কৰাৰ লগতে চিকিৎসক–নাৰ্ছ, স্বাস্থ্যকৰ্মী সকলোৰে খবৰ লৈছে হিমন্ত বিশ্ব শৰ্মাই। তাৰ মাজতে সংবাদ মেলৰ আয়োজন কৰি কোৰোণা ভাইৰাছৰ খবৰ সংবাদ মাধ্যমক জনাইছে। প্ৰতিটো খবৰ নিজৰ ছচিয়েল মিডিয়া একাউণ্টত প্ৰকাশ কৰাৰ লগতে উত্তৰ দিছে বিভিন্নজনৰ প্ৰশ্নৰ।
কিন্তু লকডাউনৰ পিছতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূৰত আহি পৰিব এক বৃহৎ প্ৰত্যাহ্বান। এই কথা শনিবাৰে আয়োজন কৰা সংবাদমেলত নিজেই ক’লে মন্ত্ৰীগৰাকীয়ে। এই প্ৰত্যাহ্বান অসমৰ বাহিৰত থকা লোকসকলক লৈ।
লকডাউন খোলাৰ পিছতে যদি এইসকল লোক ঘৰলৈ উভতি আহে, তেন্তে এয়া হ’ব অসমৰ স্বাস্থ্য বিভাগ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। উভতি অহা সকলো লোককে কোৱাৰেণ্টাইন কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই ক’লে – এইসকল লোক উভতি আহিলে কিমান কোৱাৰেণ্টাইন চেণ্টাৰ পাতিব লাগিব সেয়া অনুমান কৰক, এয়া এক বিশাল কাম। সকলো মিলি ১৫ হাজাৰ লোক হ’ব কোৱাৰেণ্টাইন কৰিবলগীয়া। এয়া স্বাস্থ্য বিভাগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। কিন্তু সকলোৱে আশা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন দক্ষ মন্ত্ৰীয়ে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ নিশ্চয় সক্ষম হ’ব।
এই সংবাদমেলতে হিমন্ত বিশ্ব শৰ্মাই কয় যে সমাজ আৰু ব্যক্তিৰ পৰা কোৰোণাৰ চেইন আমি ভাগিবলৈ সক্ষম হৈছো৷ যিসকলৰ ৰিজাল্ট এতিয়া ওলাইছে, কোৱাৰেণ্টাইনত থকাসকলৰ পৰা ওলাইছে। বাহিৰৰ মানুহৰ পৰা নতুনকৈ ওলোৱা নাই পজিটিভ কেছ।