• Home
  • »
  • News
  • »
  • assam
  • »
  • কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহৰ পৰা অংগ কাটি নিয়াৰ অভিযোগ আত্মীয়ৰ

কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহৰ পৰা অংগ কাটি নিয়াৰ অভিযোগ আত্মীয়ৰ

মৃতদেহটো চোৱাৰ পিছতেই হতভম্ব হৈ পৰে ককায়েক প্ৰশান্ত শইকীয়া আৰু পত্নী বন্দনা শইকীয়া।

মৃতদেহটো চোৱাৰ পিছতেই হতভম্ব হৈ পৰে ককায়েক প্ৰশান্ত শইকীয়া আৰু পত্নী বন্দনা শইকীয়া।

মৃতদেহটো চোৱাৰ পিছতেই হতভম্ব হৈ পৰে ককায়েক প্ৰশান্ত শইকীয়া আৰু পত্নী বন্দনা শইকীয়া।

  • Share this:
কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁও জিলাৰ ধিঙত। মৃতদেহৰ পৰা কেইবাটাও অংগ কাটি নিয়াৰ অভিযোগ মৃতকৰ আত্মীয়ৰ। আনকি ছচিয়েল মিডিয়াতো তোলপাৰ লগাইছে এই ঘটনাই৷

ধিঙৰ ভকত গাঁৱৰ ৰাতুল শইকীয়া নামৰ  লোকজন যোৱা ২৯ জুনত কোভিডত আক্ৰান্ত হয়। কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত প্ৰথম অৱস্থাত নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লোকজনক। কিন্তু হঠাতে ৩০ জুনত স্বাস্থ্যৰ অৱনতি হোৱাত ততাতৈয়াকৈ নগাঁৱৰ পৰা GMCHৰ ছুপাৰ স্পেচিয়েলিটী কোভিড চিকিৎসালয়ত ভৰ্তি কৰায় ৰাতুল শইকীয়াক।

কিন্তু চিকিৎসাধীন অৱস্থাতে ৰাতুলৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত পৰিয়ালৰ কাকো সাক্ষাৎ কৰিবলৈ দিয়া হোৱা  নাছিল। ইমানলৈকে ঠিকেই আছিল। মৃত ৰাতুল শইকীয়াৰ মৃতদেহ পৰিয়ালক চমজাই নিদি মৃতদেহটো গুৱাহাটীতেই চৰকাৰীভাৱে সৎকাৰৰ ব্যৱস্থা কৰা হয়। শ্মশানত মৃতদেহটো প্ৰথম অৱস্থাত চাবলৈ দিয়া হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত মৃত শইকীয়াৰ আত্মীয়ই বহু অনুনয়–বিনয় কৰাৰ পিছত মৃতদেহটো চাবলৈ দিয়া হয়।

মৃতদেহটো চোৱাৰ পিছতেই হতভম্ব হৈ পৰে ককায়েক প্ৰশান্ত শইকীয়া আৰু পত্নী বন্দনা শইকীয়া। তেওঁ লোকৰ অভিযোগ, মৃতদেহৰ এটা চকু আৰু তল পেটটো কটা অবস্থাত দেখা পায়। এই দৃশ্য দেখাৰ পিছত পৰিয়ালৰ লোকে মৃতদেহৰ কেইবাখনো ফটোও উঠায়। পৰিয়ালৰ লোকৰ সন্দেহ, চিকিৎসালয়ত মৃত্যু হোৱা ৰাতুল শইকীয়াৰ বিভিন্ন অংগ কাটি লৈ যোৱা হৈছে।

মৃত ৰাতুল শইকীয়াৰ আত্মীয়ই স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে। কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাতুলৰ চকু আৰু পেট কাটি অংগ উলিয়াই নিয়াৰ অভিযোগক লৈ সমগ্ৰ নগাঁও জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Sanjay Kumar Das
First published: