যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত জ্যেষ্ঠ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীয়ে আনিলে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

News18 Assam | News18-Assam
Updated:March 3, 2021, 9:47 AM IST
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত জ্যেষ্ঠ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীয়ে আনিলে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ
মঙলবাৰে এই সন্দৰ্ভত দাখিল কৰা এখন অভিযোগ পত্ৰই তোলপাৰ লগায় যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত।

মঙলবাৰে এই সন্দৰ্ভত দাখিল কৰা এখন অভিযোগ পত্ৰই তোলপাৰ লগায় যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত।

  • Share this:
ছাত্ৰীক কৰা অশালীন আচৰণৰ বাবে শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে দেশৰ ভিতৰতে আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ এগৰাকী গৱেষক ছাত্ৰীয়ে এজন জ্যেষ্ঠ অধ্যাপকে বিৰুদ্ধে অনা এই গুৰুতৰ অভিযোগৰ পিছতে কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত।

মঙলবাৰে এই সন্দৰ্ভত দাখিল কৰা এখন অভিযোগ পত্ৰই তোলপাৰ লগায় যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত। বিশ্ববিদ্যালয়খনৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকে এগৰাকী গৱেষক ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ বহু বিস্ফোৰক অভিযোগ আছে এই পত্ৰখনত। এই অভিযোগে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম কৃষি বিশ্ববিদ্যালয়খনত।

বহিঃৰাজ্যৰ পৰা আহি অসম কৃষি বিশ্ববিদ্যালয়ত পিএইচডি কৰি থকা এগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ  জ্যেষ্ঠ বিজ্ঞানী ড০ বিজিত কুমাৰ সাউদৰ বিৰুদ্ধে আনিছে এই গুৰুতৰ অভিযোগ। গৱেষণাৰ ফিল্ড ভিজিটৰ বাবে যোৱাৰ সময়ত গৱেষক ছাত্ৰীগৰাকীক সুৰাপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰা তথা শাৰিৰীকভাৱে নিৰ্যাতন চলোৱাকে মুখ্য কৰি বহুকেইটা গুৰুতৰ অভিযোগ তুলি ছাত্ৰীগৰাকীয়ে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।

এই অভিযোগ লাভ কৰাৰ পিছতে নিৰ্দিষ্ট নিয়মৰ মাজেৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিযোগৰ ওপৰত তদন্ত আৰম্ভ কৰিবলৈ আগবাঢ়িছে। Internal Complaints Committeeৰ তদন্তৰ পিছতে সকলো কথা স্পষ্ট হ’ব বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰত প্ৰকাশ। ইতিমধ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু অভিযোগ উঠা জ্যেষ্ঠ বিজ্ঞানী ড০ বিজিত কুমাৰ সাউদক নিলম্বিত কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ প্ৰতিবেদনৰ পিছতহে সকলো কথা স্পষ্ট হ’ব।

---------------------------------------------------------------
ছাত্ৰীক কৰা অশালীন আচৰণৰ বাবে শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে দেশৰ ভিতৰতে আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় । বিশ্ববিদ্যালয়খনৰ এগৰাকী গৱেষক ছাত্ৰীয়ে এজন জ্যেষ্ঠ বিজ্ঞানীৰ বিৰুদ্ধে অনা এই গুৰুতৰ অভিযোগৰ পিছতে কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত ।
মঙ্গলবাৰে এই সন্দৰ্ভত দাখিল কৰা এখন অভিযোগ পত্ৰই তোলপাৰ লগায় যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰচৰাত । বিশ্ববিদ্যালয়খনৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকে এগৰাকী গৱেষক ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ বহু বিস্ফোৰক অভিযোগ আছে এই পত্ৰখনত । এই অভিযোগে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ত । বহি:ৰাজ্যৰ পৰা আহি অসম কৃষি বিশ্ববিদ্যালয়ত পিএইছডি কৰি থকা এগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ উদ্যানশস্য বিভাগৰ  জ্যেষ্ঠ বিজ্ঞানী ড: বিজিত কুমাৰ সাউদৰ বিৰুদ্ধে আনিছে এই গুৰুতৰ অভিযোগ । গৱেষণাৰ ফিল্ড ভিজিটৰ বাবে যোৱাৰ সময়ত গৱেষক ছাত্ৰীগৰাকীক সুৰাপান কৰিবলৈ হেচা প্ৰয়োগ কৰা তথা শাৰিৰীক ভাৱে নিৰ্যাতন চলোৱাকে মুখ্য কৰি বহুকেইটা গুৰুতৰ অভিযোগ তুলি ছাত্ৰীগৰাকীয়ে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ।

এই অভিযোগ লাভ কৰাৰ পিছতে নিৰ্দিষ্ট নিয়মৰ মাজেৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিযোগৰ ওপৰত তদন্ত আৰম্ভ কৰিবলৈ আগবাঢ়িছে । Internal Complaints Committee ৰ তদন্তৰ পিছতে সকলো কথা স্পষ্ট হব বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰত প্ৰকাশ । ইতিমধ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু অভিযোগ উঠা জ্যেষ্ঠ বিজ্ঞানী ড: বিজিত কুমাৰ সাউদক নিলম্বিত কৰি তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ প্ৰতিবেদনৰ পিছতহে সকলো কথা স্পষ্ট হব ।
Published by: Sanjay Kumar Das
First published: March 3, 2021, 9:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি