শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতাই। অখিল গগৈক ভণ্ড নেতা আখ্যা দি নেতাদ্বয়ে কয় যে আন্দোলনৰ নামত ধন ঘটা ব্যক্তি অখিল গগৈ।
সংবাদমেলযোগে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা অনুপম বৰুৱা আৰু ধৰ্মেন্দ্ৰ বৰাই। সংবাদমেলত তেওঁলোকে অভিযোগ উত্থাপন কৰে যে অখিল গগৈয়ে থাওৰা সমষ্টিৰ ৰাইজৰ পৰা ভূমিপট্টা দিয়া নামত সংগ্ৰহ কৰিছিল ১০ লাখ টকা। ONGC নাজিৰাত আন্দোলন কৰি দাবী কৰিছিল ১০০০ কোটি। কিন্তু পিছত অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলৰ গোপন বুজাবুজিত ONGCৰ পৰা ২০০ কোটি টকা দিয়াৰ কথা আছিল।
অখিল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি বৰুৱাই কয়, ‘‘অখিল গগৈ একনায়কত্ববাদী, ফেচিষ্ট। তেওঁ কাৰো কথা নুশুনে, তেওঁ যি সিদ্ধান্ত লয় সেয়াই হ’ব লাগে। আমি অখিলৰ অন্ধ ভক্ত নহয় যে তেওঁ যি ক’ব সেয়াই মানি ল’ম।’’
এই অভিযোগৰ উপযুক্ত তথ্য প্ৰমাণ মজুত আছে বুলি উল্লেখ কৰি অনুপম বৰুৱাই কয় – আমি প্ৰতিবাদ কৰিবলৈ যাওঁতে বাধা দিয়াসকল এতিয়া ৰাইজৰ দলৰ হিয়াৰ আমঠু।
আনহাতে, ধৰ্মেন্দ্ৰ বৰাই কয়, ‘‘ৰাইজৰ দল গঠিত হৈছে দুই নম্বৰী নেতাৰে। দলটোৰ সকলো নেতাই দুই নম্বৰী।’’
ইফালে, দুই প্ৰাক্তন নেতাৰ এই অভিযোগ খণ্ডন কৰিছে বৰ্তমানৰ সদস্যই। ধৰ্মেন্দ্ৰ বৰা আৰু অনুপম বৰুৱাক ২০১৫ চনতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা বহিষ্কাৰ কৰা হৈছিল বুলি মন্তব্য কৰে বৰ্তমানৰ সদস্যই।
- First Published :