মুখ্যপৃষ্ঠা »খবৰ »অসম »Ashraful Hussain : বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ, যুৱতীক অপহৰণৰ ঘটনাত জড়িতৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে

Ashraful Hussain : বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ, যুৱতীক অপহৰণৰ ঘটনাত জড়িতৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে

মন্দিয়াৰ ৰিতুল হুছেইন নামৰ এজন যুৱকে আন কেইজনমান বন্ধুৰ সৈতে বৰপেটাৰ এগৰাকী যুৱতীক অপৰহৰণ কৰি বিধায়কগৰাকীৰ ঘৰত ৰাখিছিল।

মন্দিয়াৰ ৰিতুল হুছেইন নামৰ এজন যুৱকে আন কেইজনমান বন্ধুৰ সৈতে বৰপেটাৰ এগৰাকী যুৱতীক অপৰহৰণ কৰি বিধায়কগৰাকীৰ ঘৰত ৰাখিছিল।

  • Share this:
চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ। এগৰাকী যুৱতীৰ অপহৰণত জড়িত থকাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। নিজৰ বিধায়ক আবাসত অপহৃত যুৱতীক লুকুৱাই ৰখাৰ অভিযোগ। দিছপুৰ আৰক্ষী থানাত যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ।

এজাহাৰত উল্লেখ কৰা অনুসৰি, মন্দিয়াৰ ৰিতুল হুছেইন নামৰ এজন যুৱকে আন কেইজনমান বন্ধুৰ সৈতে বৰপেটাৰ এগৰাকী যুৱতীক অপৰহৰণ কৰি বিধায়কগৰাকীৰ ঘৰত ৰাখিছিল। ২৭ জুলাইত বিধায়ক আবাসৰ পৰা যুৱতীগৰাকীক লৈ গৈ হত্যা কৰাৰ চেষ্টা কৰাৰ কথা উল্লেখ এজাহাৰখনত৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বিধায়কজনৰ বিৰুদ্ধে এই অভিযোগ সঁচা নে মিছা সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব।

শেহতীয়া বাতৰি