உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জলপথেৰে গোৱালপাৰা হৈ ক'লৈ নি আছিল ৪০০ বস্তা চাউল? তদন্তৰ বাবে বৰপেটাত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ দল

    জলপথেৰে গোৱালপাৰা হৈ ক'লৈ নি আছিল ৪০০ বস্তা চাউল? তদন্তৰ বাবে বৰপেটাত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ দল

     বৰপেটাত অন্ন সুৰক্ষাৰ চাউলৰ বৃহৎ কেলেংকাৰি।

    বৰপেটাত অন্ন সুৰক্ষাৰ চাউলৰ বৃহৎ কেলেংকাৰি।

    বৰপেটাত অন্ন সুৰক্ষাৰ চাউলৰ বৃহৎ কেলেংকাৰি।

    • Share this:

    বৰপেটাত অন্ন সুৰক্ষাৰ চাউলৰ বৃহৎ কেলেংকাৰি ৷ ইয়াৰ তদন্তৰ বাবে বৰপেটাৰ বহৰিত উপস্থিত হয় অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ বিষয়া। বহৰিৰ উত্তৰ বগুৰিবাৰী সমবায় সমিতিত চলি থকা অন্ন সুৰক্ষা যোজনাৰ চাউল কেলেংকাৰিৰ অনুসন্ধানৰ বাবে বহৰিত উপস্থিত হয় বিষয়াৰ দলটো ৷


    অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অধীক্ষক দিলীপ কুমাৰ ডেকা আৰু উপ–আৰক্ষী অধীক্ষক ইন্দ্ৰজিৎ পাঠকৰ নেতৃত্বত বহৰিৰ উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতো অৱশ্যে দলটোৱে সাক্ষাৎ নাপালে সমবায়খনৰ সম্পাদক মুক্তাৰ হুছেইনৰ ৷


    বিষয়াৰ দলটোৱে জনোৱা মতে, উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইন বিগত তিনি দিন ধৰি ম'বাইল বন্ধ কৰি আত্মগোপন কৰি আছে। মুক্তাৰ হুছেইনৰ সন্ধান নাপাই গুৱাহাটীলৈ উভতি যাবলগীয়া হয় বিষয়াৰ দলটো ৷ দুদিনৰ ভিতৰত সমবায় সমিতিখনৰ সকলো নথি দাখিল কৰাৰ নিৰ্দেশ জাৰি কৰি উভতি যায় বিষয়াৰ দলটো ৷


    উল্লেখ্য, উত্তৰ বগুৰিবাৰী সমবায় সমিতিখনৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে অনেক অভিযোগ ৷ যোৱা শুকুৰবাৰে নিশা বহৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপথেৰে গোৱালপাৰা হৈ বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত নাওসহ প্ৰায় ৪০০ বস্তা চাউল জব্দ কৰিছিল আৰক্ষীয়ে ৷ আনকি স্থানীয় লোকে তিনিজন চোৰাং চাউল ব্যৱসায়ীক আৰক্ষীৰ হাতত চমজাই দিছিল যদিও আৰক্ষীৰ হাতৰ পৰাই ৰহস্যজনকভাৱে আটকাধীন লোকসকল অন্তৰ্ধান হৈ পৰে ৷


     এই সন্দৰ্ভত গাঁওবুঢ়ায়ো স্বীকাৰ কৰিছে যে আৰক্ষীয়ে তিনিজনকৈ চাউল ব্যৱসায়ীক আটক কৰিছিল ৷ এইক্ষেত্ৰত কেলেংকাৰিৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অনুসন্ধানে পোহৰলৈ আনিব পাৰে সমবায়খনত আচলতে কি ঘটি আছে।

    Published by:Gautam Barman
    First published: