শিৱসাগৰ জিলাৰ নাজিৰা নাট্যমন্দিৰত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন। অধিৱেশনৰ লগত সংগতি ৰাখি আজি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই সংগঠনটোৱে।
বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত ৷ শোভাযাত্ৰা শুভাৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ কেইবাগৰাকীও বিষয়ববীয়াই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে সংগঠনটোৱে বিগত চাৰি দশক ধৰি দাবী কৰি অহা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰয়োগ সন্দৰ্ভত মন্তব্য আগবঢ়ায়৷
আনহাতে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে অসমত অসমীয়াৰ প্ৰভুত্ব থাকিবলৈ হ'লে সাংবিধানিকভাৱে থাকিব লাগিব৷ কেইগৰাকীমান নেতাই চিঞৰিলেই অসমত অসমীয়াৰ প্ৰভুত্ব নথাকে ৷ অসমত অসমীয়া লোক সংখ্যাগৰিষ্ঠ হৈ থাকিব লাগিব৷
কিন্তু অসমত দিনক দিনে কমিছে অসমীয়া লোকৰ সংখ্যা৷ ভাৰতবৰ্ষৰ লোকপিয়ল অনুসৰি ১৯৭১ চনত অসমীয়াৰ সংখ্যা ৬০ শতাংশৰ পৰা ২০১১ চনত ৪৮ শতাংশলৈ অৱনমিত হৈছে ৷ প্ৰব্ৰজন আৰু আগ্ৰাসন বৃদ্ধিৰ ফলত দিনক দিনে কমিছে অসমীয়া লোকৰ সংখ্যা৷ আৰু এই প্ৰব্ৰজন আৰু আগ্ৰাসন ৰোধ কৰিব পৰা ব্যৱস্থাটোৱে হৈছে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা৷ অসমত অতিসোনকালে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰয়োগ নকৰিলে অসমত অসমীয়াৰ নাথাকিব প্ৰভুত্ব৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|