• Home
  • »
  • News
  • »
  • assam
  • »
  • Justice For Nandita : নন্দিতা শইকীয়াৰ ন্যায় আৰু ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দুই যুৱকৰ চাইকেল যাত্ৰা 

Justice For Nandita : নন্দিতা শইকীয়াৰ ন্যায় আৰু ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দুই যুৱকৰ চাইকেল যাত্ৰা 

নন্দিতা শইকীয়া (Nadita Saikia)ৰ ন্যায় আৰু ড্ৰাগছ মুক্ত অসমৰ বাবে চাইকেল ৰেলীৰে সজাগতা সৃষ্টিৰ প্ৰয়াস ধেমাজীৰ দুই যুৱক ক্ৰমে লক্ষ্যজ্যোতি দত্ত আৰু ৰাজদ্বীপ কলিতাৰ ৷

নন্দিতা শইকীয়া (Nadita Saikia)ৰ ন্যায় আৰু ড্ৰাগছ মুক্ত অসমৰ বাবে চাইকেল ৰেলীৰে সজাগতা সৃষ্টিৰ প্ৰয়াস ধেমাজীৰ দুই যুৱক ক্ৰমে লক্ষ্যজ্যোতি দত্ত আৰু ৰাজদ্বীপ কলিতাৰ ৷

নন্দিতা শইকীয়া (Nadita Saikia)ৰ ন্যায় আৰু ড্ৰাগছ মুক্ত অসমৰ বাবে চাইকেল ৰেলীৰে সজাগতা সৃষ্টিৰ প্ৰয়াস ধেমাজীৰ দুই যুৱক ক্ৰমে লক্ষ্যজ্যোতি দত্ত আৰু ৰাজদ্বীপ কলিতাৰ ৷

  • Share this:
দুজন যুৱক। চাইকেলেৰে ধেমাজীৰ পৰা কেডাৰনাথলৈ আৰম্ভ কৰিছে যাত্ৰা । ২৬০০ কিলোমিটাৰ দূৰত্বৰ পথ ৪৫ দিনত অতিক্ৰম কৰি উত্তৰাখণ্ডৰ কেডাৰনাথত উপস্থিত হ’ব দুই অসম সন্তান ৷ দুৰ্ভগীয়া নন্দিতা শইকীয়াৰ ন্যায় আৰু বিষাক্ত ড্ৰাগছ তথা হিংসাৰ পৰা যুৱ প্ৰজন্মক মুক্ত কৰাৰ লক্ষ্য আগত ৰাখি এই চাইকেল ৰেলী দুই যুৱকৰ ৷

'justice for Nandita & Kashmina' আৰু 'Say No to Drugs, Say No to Violence' এই বাৰ্তা লৈ ২৬০০ কিলোমিটাৰ চাইকেল ৰেলী ধেমাজীৰ দুই যুৱকৰ ৷

নন্দিতা শইকীয়াৰ হত্যাই ইতিমধ্যে প্ৰতিজন লোকৰে হৃদয় কঁপাই তুলিছে ৷ ৫ দিন ধৰি জীৱন মৃত্যুৰে যুঁজ দি অৱশেষত চিৰদিনৰ বাবে শুই গ’ল নন্দিতা ৷ চৌদিশে উঠিছে দোষীৰ ফাঁচীৰ দাবী ৷ কোনো পধ্যেই যাতে হত্যাকাৰী ৰিণ্টু শৰ্মা নামৰ নৰপিশাচটো আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে প্ৰতিবাদ আৰম্ভ হৈছে ৷ এই প্ৰতিবাদ কেৱল ধেমাজী বা ৰাজপথতে সীমাৱদ্ধ হৈ থকা নাই, ছচিয়েল মিডিয়াতো দোষীৰ উপযুক্ত শাস্তিৰ দাবীত বিভিন্নজনে #JusticeForNandita বুলিও প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷ পিতৃ-মাতৃৰ বুকু উদং কৰি চিৰ দিনৰ বাবে গুচি যোৱা নন্দিতাই যাতে ন্যায় পায় তাৰ বাবে এক চাইকেল ৰেলীৰে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ধেমাজীৰ দুই যুৱক ক্ৰমে লক্ষ্যজ্যোতি দত্ত আৰু ৰাজদ্বীপ কলিতাই ৷

ধেমাজীৰ পৰা চাইকেল চলাই উত্তৰাখণ্ডৰ কেডাৰনাথলৈ যাত্ৰা আৰম্ভ কৰা দুই যুৱকৰ আছে আন এক উদ্যেশ্য - ৰাজ্যত শেহতীয়াকৈ বৰবিহ স্বৰূপ বিষাক্ত ড্ৰাগছে নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ নি আছে, যাৰবাবে অকালতে মৰহিছে বহু জীৱন ৷ এই ড্ৰাগছৰ পৰা সৃষ্টি হোৱা হিংসা আৰু উঠি অহা প্ৰজন্মক ড্ৰাগছৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে মাতৃভূমিৰ পৰা সুদূৰ কেডাৰনাথত উপস্থিত হৈ ল’ব আশীৰ্বাদ ৷
Published by:Manjumoni Borah
First published: