ভাৰত-পাকিস্তান (India-Pakistan)ৰ বিভীষিকাময় বিভাজনৰ ফলত নিজৰ ঠিকনা আৰু প্ৰাণ হেৰুওৱা লক্ষ লক্ষ ভাৰতীয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি বিভাজন বিভীষিকা স্মৃতি দিৱস (
Partition Horrors Remembrance Day) পালন কৰা হয় ৷ দেশ বিভাজনৰ ফলত নিজৰ ঘৰ, ঠিকনা আৰু প্ৰাণ হেৰুওৱাসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে আজি বাক্সা (Baksa) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষতো সৰ্বধৰ্মীয় প্ৰাৰ্থনা কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ জিলা উপায়ুক্ত মাছন্দা মাগডালিন পাৰ্টিনে এই দিৱস উদযাপনে ব্যক্তিৰ মাজত ভেদভাৱ, বৈষম্যতা আৰু হিংসাৰ ভাৱৰ পৰিৱৰ্তে একতা, সামাজিক সদ্ভাৱ আৰু মানৱীয় প্ৰমূল্যবোধ বৃদ্ধিৰ প্ৰেৰণা আগবঢ়াব বুলি উল্লেখ কৰে ৷ আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বৰমা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা কল্পনা বৰ্মনে ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক আৰু নৱপ্ৰজন্মক ১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজন (India Partition)ৰ ফলত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৱলীত লক্ষ লক্ষ ভাৰতীয়ই নিজৰ ঘৰ, ঠিকনা আৰু প্ৰাণ হেৰুৱাৰ কথা সোঁৱৰাই দিয়াৰ লগতে অহিংসা আৰু শান্তি-সম্প্রীতি অটুট ৰখাৰ উদ্দেশ্যে চৰকাৰে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷
ইয়াৰ পিছত সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচীত একাদিক্ৰমে ভাগৱত পাঠ, বাইবেল পাঠ, কোৰাণ পাঠ কৰাৰ লগতে বন্তি প্ৰজ্জ্বলন কৰা হয় ৷ আজিৰ এই অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্তত্ৰয় ক্ৰমে আশ্ৰাফুল আমিন, বন্তি তালুকদাৰ আৰু সঞ্জীৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা নিৰ্বাচনী বিষয়া মানৱেন্দ্ৰ ভৰালী, কেবাটাও বিভাগৰ জিলাৰ মুৰব্বী বিষয়াসকলৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ, বাথৌ মহাসভা, খ্ৰীষ্টিয়ান, বৌদ্ধ, ইছলাম, গোৰ্খা সমাজৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷
অনুষ্ঠানৰ আৰম্ভণিতে ১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজনৰ ফলত সৃষ্টি হোৱা বিভিন্ন ঘটনাৱলীৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয় ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|