সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত ২০১২ বৰ্ষৰ পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সুধাকণ্ঠৰ ওপজা দিনটো 'সমন্বয় দিৱস' হিচাপে পালন কৰি আহিছে। বিগত বর্ষসমূহত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সুধাকণ্ঠৰ সোঁৱৰণত কেইবাজনো বৰেণ্য ব্যক্তিক ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান কৰি আহিছে।
কোৰোণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ পৰিৱৰ্তে এই বৰ্ষত বঁটাপ্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামীৰ ঘৰতে অনুষ্টুপীয়াকৈ সীমিতসংখ্যক লোকৰ উপস্থিতিত প্ৰদান কৰা হয় এই বঁটা।
স্মাৰক, প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, গামোচা, অংগ বস্ত্ৰ, কিতাপৰ টোপোলা, বাণকাহী, ফুলৰ টোৰা, গছৰ পুলি আদিৰে সন্মান জনোৱা হয় নৃত্যাচাৰ্য যতীন গোস্বামীক।
বঁটা প্ৰদান অনুষ্ঠানত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ যুটীয়া সম্পাদক মনীষা হাজৰিকা, মঞ্জুলা হাজৰিকা, ন্যাসৰক্ষী প্ৰদীপ পূজাৰী, অনুৰাধা শৰ্মা পূজাৰীকে ধৰি ভূপেন হাজৰিকা সংস্কৃতিক ন্যাসৰ ভালেকেইগৰাকী সদস্য উপস্থিত থাকে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 08, 2020, 18:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।