কংগ্ৰেছ-AIUDFৰ মিত্ৰতা আৰু ইয়াৰ তিক্তকাক লৈ মুখ চুপতি যেন শেষেই নহ'ব ৷ শেহতীয়াকৈ AIUDF প্ৰধান বদৰুদ্দিন আজমলে, ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ পৰা টকা লয় বুলি অনা অভিযোগ, ভূপেন বৰাই ধুবুৰী, গুৱাহাটী, ডিব্ৰুগড়ত জয়ী হ'ম বুলি কৰা দাবীক লৈ আকৌ আৰম্ভ হৈছে চুপতি ৷ ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপি বিধায়ক প্ৰশান্ত ফুকন, হেমাংগ ঠাকুৰীয়া আৰু AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ৷
APCCৰ সভাপতি ভূপেন বৰাই ২০২৪ৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ, নগাঁও, বৰপেটাৰ লগতে ধুবুৰী, গুৱাহাটী, ডিব্ৰুগড়তো জয়ী হ'ম বুলি কৰা দাবীক লৈ একপ্ৰকাৰ তুচ্ছ-তাচ্ছিল্য কৰি ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে কয়, "হয়তো ডিব্ৰগড়ত জিকিম বুলি ভূপেন বৰাই ভাং খাই কৈছে ৷ শিৱৰাত্ৰিৰ পিছদিনা কোৱা নাই জানো কথাখিনি! ভূপেন বৰা পলিটিকেলী ডি-ৰিয়েল হৈছে ৷ অমূলক চিন্তা কৰিছে ভূপেন বৰাই, ডিব্ৰুগড়ত কেনেকৈ জিকিব কংগ্ৰেছ? ২০২৪-২০২৯ পাহৰি যাওক ভূপেন বৰাই, অৱশ্যে ২০৩৭মানত চিন্তা এটা কৰি চাব পাৰে ৷ ডিব্ৰুগড়ত আমাৰ প্ৰাৰ্থী ৩লাখ ৫০হাজাৰতকৈ অধিক ভোটত জিকিব ৷ নগাঁও, কলিয়াবৰ, বৰপেটাতো আমি জিকিম ৷ ফলাফলত দুধ কা দুধ পানী কা পানী হৈ যাব ৷ পলিটিকছত ভূপেন বৰাই LP স্কুলেই পাছ হোৱা নাই ৷ মল্লিকাৰ্জুন খৰ্গেই কি কৈছে? মহাজোঁটৰ কথা কোৱা নাই জানো? এফালে ভূপেন বৰাই মিত্ৰতা নহ'ব বুলি কৈ আছে খৰ্গেই কৈছে হ'ব ৷"
প্ৰশান্ত ফুকনে লগতে ক'লে, কংগ্ৰেছ-AIUDFৰ মাজত মিত্ৰতা আছেই ৷ এই দল দুটাৰ মিত্ৰতা হেনো ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে ৷ ভূপেন বৰাই মিত্ৰতা নহ'ব বুলি কোৱা কথাৰে মল্লিকাৰ্জুন খৰ্গেৰ দাবীৰ মিল নাই বুলিও ক'লে প্ৰশান্ত ফুকনে ৷
ইফালে দল দুটাৰ মিত্ৰতাৰ কথা প্ৰমাণ কৰিবলৈ পলাশবাৰীৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই কয়, ভূপেন বৰাই ধুবুৰীত জয়ী হ'ম বুলি আচলতে বদৰুদ্দিন আজমলৰ হৈহে কৈছে ৷ হেমাংগ ঠাকুৰীয়াইও ভূপেন বৰাক আক্ৰমণ কৰিয়েই ডিব্ৰুগড়, গুৱাহাটীত জয়ী হোৱাৰ কথা কোৱা ভূপেন বৰাক লৈ ক'লে, এই কথা 'টোপনিৰ জালতে কৈছে ভূপেন বৰাই' ৷ আনহাতে, প্ৰায়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হোৱা সোণাই সমষ্টিৰ AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই AIUDF প্ৰধান বদৰুদ্দিন আজমলে ভূপেন বৰাৰ বিৰুদ্ধে অনা অভিযোগ সত্য বুলি প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছে ৷ বৰভূঞাই কয়, "ভূপেন বৰাই টকা লৈছে ৷ আকৌ কৈছোঁ ৷ Money Reciept দি টকা ল'ব নেকি? নিৰ্বাচনৰ আগত টকা লোৱাৰ প্ৰমাণো দিম, এটা প্ৰমাণ ওলাই আছে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ২২টা ভোট বিজেপিক দিয়াৰ তদন্তই নকৰিলে কংগ্ৰেছে ৷"
মুঠৰ ওপৰত এই চূপতিৰ যেন অন্ত নাই ৷ চলি আছে এনেকৈয়ে, হয়তো চলিও থাকিব আগলৈকে...
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।