আমি আগতেই কৈছিলো অসমৰ পৰা ৰাজ্যসভাত কংগ্ৰেছক শূন্য কৰিম। অসমৰ পৰা ৰাজ্যসভাত কংগ্ৰেছক আমি শূন্য কৰিলো। এই মন্তব্য কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। কমলপুৰৰ বিধায়গৰাকীয়ে কয়, এইবাৰ আমাৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ড।
বিধায়কগৰাকীয়ে কয়, ‘‘কংগ্ৰেছৰ মুখৰ পৰাই ফাদিল হৈছে কোনে কাক টকা দিছিল। প্ৰকৃততে ভূপেন বৰাই ৰিপুন বৰা পুনৰ সাংসদ হোৱাটো বিচৰা নাছিল।’’
ইমান পৰাজয়ৰ পিছতো কোনোবা সভাপতিয়ে কবিতা লিখিব পাৰে নেকি বুলি প্ৰশ্ন কৰে বিধায়ক দিগন্ত কলিতাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 04, 2022, 10:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।